পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
8
তত্ত্ব আৰু তথ্য।
 

 প্ৰকৃতিৰ লগত ধৰ্ম্মৰ বিশেষ সম্বন্ধ। ধৰ্ম্ম বুলি এবিধ বেলেগ বস্তু নাই। প্ৰকৃতি ধৰ্ম্ম; প্ৰকৃতি অধৰ্ম্ম; প্ৰকৃতি ধৰ্ম্মা- ধৰ্ম্ম। ধৰ্ম্মৰ সৃষ্টি প্ৰকৃতিৰপৰা। প্ৰকৃতিৰ সৃষ্টি ঈশ্বৰৰপৰা। প্ৰকৃতিৰ উদ্দেশ্য ঈশ্বৰৰ আস্তিকতা প্ৰমাণ কৰা; উদ্দেশ্য প্ৰকৃতিত বিৰাজ কৰা। কিন্তু ধৰ্ম্মৰ উদ্দেশ্য প্ৰকৃতি আৰু ঈশ্বৰৰ সামঞ্জস্য প্ৰকাশ কৰা-ধৰ্ম্মৰ উদ্দেশ্য প্ৰকৃতি আৰু ঈশ্ববৰ সামঞ্জস্যেৰে মানৱক সুগতি লগোৱা, মানৱক সুফল প্ৰদান কৰা। এই নিমিত্তেই হিন্দুধধৰ্ম্ম আৰু প্ৰকৃতিৰ ঘন সম্বন্ধত স্থিতি। এই গুণেই হিন্দুৰ প্ৰকৃতিত পূজা অনেক আৰু অলেখ। হিন্দুৱে দেৱ পূজা কৰে দেৱী পূজা কৰে। হিন্দুৱে শিল পূজা কৰে, মাটি পূজা কৰে। হিন্দুৱে গছ, লতা পূজা কৰে। হিন্দুৱে ফল, ফুল পূজা কৰে। হিন্দুৱে পূজা নকৰে ক’ত? এই হিন্দুৰ পূজাৰ আন একো উদ্দেশ্য নাই। এই পূজাই হিন্দু পৌত্তলিকতা প্ৰমাণ নকৰে; হিন্দুধৰ্ম্ম পৌত্তলিক ধৰ্ম্ম নকৰে। যদি কিবা এই পূজাই কৰে তেন্তে সি কৱল ঈশ্বৰৰ আস্তিকতা প্ৰমাণ কৰে; প্ৰকৃতি ঈশ্বৰ, ঈশ্বৰ প্ৰকৃতি-ইয়াকে মাথোন প্ৰমাণ কৰে।

 আজিকালি বৈজ্ঞানিক যুগ। বৈজ্ঞানিক যুগত বিজ্ঞানৰ আলোচনা। এই বিজ্ঞানৰ আলোচনাৰে জগতে দিনক দিনে কত নতুন সমস্যা ভাঙ্গিছে, কত নতুন পাতিছে। এই বিজ্ঞানেৰে নোহোৱা নোপজ। কথা জগতে আবিৰ্ভাব কৰাইছে।