পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তত্ত্ব আৰু তথ্য।

ব্যাপাৰ আমাৰ চাৰিওপিনে ইমানকৈ আছে যে সেইসকলৰ ৰহস্যই, সেইসকলৰ সমস্যাই সকলোকে একে সময়তে আনন্দ নিৰানন্দ প্ৰদান নকৰে। যদি সূৰ্য্যৰ কিৰণ বছেৰেকত এবাৰ আহিলহেঁতেন, যদি ৰামধেনু বাৰ বছৰৰ মূৰত এবাৰ উদয় হলহেঁতেন তেন্তে সেইসকলৰ তত্ত্বই কত হেজাৰ হেজাৰ প্ৰাণীৰ মনত দ্বিধা ভাব তুলি দিলেহেঁতেন। কিন্তু সূৰ্য্যৰ কিৰণ দিনৌ আহে বুলি, ৰামধেনুৱে ঘনাই দেখা দিয়ে বুলি সকলোৱে তাৰ তত্ত্ব বুজি নেপায়। ফুল সদায় ফুলে বুলিয়েই, ফল সদায় লাগে বুলিয়েই সকলোৰে মনত সমস্যাৰ উদয় নহয়। প্ৰকৃতিৰ ভীষণ মূৰ্ত্তি, প্ৰকৃতিৰ লাৱণ্য মূৰ্ত্তি, প্ৰকৃতিৰ উধত ভাব, প্ৰকৃতিব সাম্য ভাবে সকলোকে সুখ-দুখ নিদিয়ে, সকলোৰে ভয়-ভক্তি নজন্মায়। কিন্তু যিসকল প্ৰকৃতিত প্ৰসন্ন হয়, যিসকলে প্ৰকৃতিৰ তত্ত্ব বুজে, যিসকলে প্ৰকৃতিলৈ সেৱা-শ্ৰদ্ধা জনায় তেওঁলোকৰ কিছুমানে কবি নাম পায়, কিছুমানে ধৰ্ম্মাস্থালৈ ঢাল খাই ধৰ্ম্মবীৰ নাম পায়।

 প্ৰকৃতিৰ সেৱক হৈ যিসকলে কবি নাম পায় তেওঁলোকৰ সাধাৰণতঃ দুই শ্ৰেণী। তেওঁলোকৰ এক শ্ৰেণীয়ে প্ৰকৃতিক অলঙ্কাৰৰূপে ব্যৱহাৰ কৰে। মানৱে যেনেকৈ অঙ্গ- প্ৰত্যঙ্গক নানা অলঙ্কাৰেবে সজ্জিত কৰে এই বিধ কবিয়েও তেওঁলোকৰ কবিতাক প্ৰকৃতি-বৰ্ণনাৰে অলঙ্কৃত কৰে। দ্বিতীয় বিধ কবিয়ে প্ৰকৃতিক অলঙ্কাৰৰূপে ব্যৱহাৰ কৰাৰ লগে লগে