পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তত্ত্ব আৰু তথ্য।

প্ৰকৃতি।

⸻:০:⸻

 প্ৰকৃতি কেৱল ফল, ফুল, গছ, লতাৰ সমষ্টি নহয়। প্ৰকৃতি কেৱল শিল, নৈ, বিল, খালৰ সমষ্টি নহয়। কিন্তু প্ৰকৃতি সংসাৰৰ সকলো প্ৰকৃত আৰু প্ৰাকৃতিক ব্যাপাৰৰ সমষ্টি। যিবিলাক ব্যাপাৰ মনৰ আঁতৰত, মনৰ সাক্ষাতত, চকুৰ আঁত- ৰত, চকুৰ সাক্ষাতত ঘটে সেই সকলোবোৰ ব্যাপাৰৰ সমষ্টিয়েই প্ৰকৃতি। কিন্তু সাধাৰণৰ বিশ্বাস যে ফল, ফুল, গছ, লতাব সমষ্টিহে প্ৰকৃতি। বেলেগ বেলেগ সময়ত বেলেগ বেলেগ বতৰৰ মূৰ্ত্তি, বেলেগ বেলেগ ঋতুত বেলেগ বেলেগ সূৰ্য্য-কিৰণ, চন্দ্ৰমা-পোহৰ প্ৰকৃতি নহয়। সুদূৰ নীলিমা, মহান সাগৰ প্ৰকৃতি নহয়। এই বিশ্বাসৰ গুণেই প্ৰকৃতিয়ে সকলোৰে আগত সমভাৱে দেখা নিদিয়ে, সকলোৰে মনক সমভাৱে আকৰ্ষণ নকৰে। প্ৰকৃতিৰ ব্যাপাৰবোৰ ইমানকৈ ঘনাই ঘটে আৰু প্ৰকৃতিৰ