পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বালিত থুতৰি গুঁজি মাথোঁ অপেক্ষা কৰিবলৈ ধৰিলোঁ। এনেদৰেই পাৰ হৈ গ'ল কমেও দহটা মিনিট। ধীৰে ধীৰে মোৰ দেহলৈ শক্তি উভতি আহিছে। ছয় বাজিছে এতিয়া। সূৰ্যটোও উজ্জ্বল হৈ আহিছে। দূৰত পৰি আছে কেইবাটাও শুকান নাৰিকল। বগুৱাবাই মই আগুৱাই গ'লোঁ। গছৰ গুৰিৰ শিপাত গা এৰি দি বহি পৰিলোঁ। দুই আঁঠুৰ মাজত লৈ ভাঙিবলৈ চেষ্টা কৰিলোঁ নাৰিকল এটা। ওহোঁ, ভঙা নাযায়। ভিতৰত পানীৰ খলখল শব্দ। এই অদ্ভুত চেপা শব্দই মোৰ তৃষ্ণা বঢ়াই তুলিলে। পেটত অকথ্য যন্ত্ৰণা, আঁঠুৰ ঘাৰ পৰা তেজ নিগৰিছে আৰু ছাল এৰাই যোৱা আঙুলিৰ মূৰবোৰ বিষত পোৰণি উঠিছে। সমুদ্ৰৰ বুকুত দহ দিনৰ অনাহাৰে মোক হিংস্ৰ-উন্মত্ত কৰি তুলিছে।

 নাৰিকলৰ মূৰত ত্ৰিভুজ আকৃতিৰ তিনিটা চকু আছে। ছুৰী এখন থকা হ'লে সেই চকু ফুটা কৰি সহজেই পানীখিনি খাব পাৰিলোহেঁতেন। কিন্তু মোৰ হাতত আছে মাথোঁ এপাট চাবি। নাৰিকলৰ কঠিন বাকলি সেই চাবিপাটেৰেই এৰুৱাবলৈ চেষ্টা কৰিলোঁ। কিন্তু মোৰ কপাল ফুটা। শেষত আশা এৰি দি খঙত দলিয়াই দিলোঁ নাৰিকলটো। মাটিত পৰাৰ লগে লগে পুনৰ কাণত পৰিল পানীৰ খলখলনি।

 চকুত পৰিল সমুখত মানুহ চলাচলৰ এটা পথ। এতিয়া মোৰ শেষ আশা এই পথটো। মোৰ ভৰিৰ কাষত সিঁচৰতি হৈ থকা নাৰিকলৰ ভঙা চোকোৰাবোৰে বুজাই দিছে যে নাৰিকল পাৰিবলৈ ইয়ালৈ মানুহ আহে। হয়তো নিতৌ আহে। গছত উঠি নাৰিকল পাৰি খায়। নিশ্চয় ওচৰতে কোনো জনবসতি আছে। ঠিক তেতিয়াই মই কুকুৰৰ ভুক্‌ভুকনি শুনিবলৈ পালোঁ। মোৰ অনুভূতি এতিয়াও তীক্ষ্ণ। মই স্পষ্টকৈ শুনিবলৈ পাইছোঁ পথটোৰে কোনোবা এজনে ধাতৱ শব্দ তুলি আগুৱাই আহিছে।

 এজনী ক’লী ছোৱালী। অসম্ভৱ খীণ, স্বল্পবয়স্কা, দেহত শুভ্ৰ পোছাক। হাতত এলুমিনিয়ামৰ এটা পাত্ৰ, ঢাকনীখনৰ খুন্দাত সৃষ্টি হৈছে সেই ধাতৱ শব্দ।

 এয়া কোন দেশত আহি উপস্থিত হৈছোঁ মই!

 এই ক’লী ছোৱালীজনী নিশ্চয় জামাইকাৰ। মই ভাবিছিলোঁ ছান আনড্ৰেছ আৰু প্ৰভিডেনছিয়াদ্বীপসমূহৰ কথা। হয়তো হ’ব পাৰে এনটিলছৰ কিবাদ্বীপ। যিয়েই নহওক এই ছোৱালীজনীয়েই মোৰ প্ৰথম সুযোগ, সম্ভৱতঃ শেষো। তাই জানো স্পেইনৰ ভাষা বুজি পাব? তাইৰ মুখলৈ মই একেথৰে চাই ৰ'লোঁ, কিন্তু তেতিয়াও তাই মোক দেখা নাছিল।

 চামৰাৰ চেণ্ডেল তাইৰ ভৰিত। ধূলি উৰুৱাই খোজকাঢ়ি আহি আছিল তাই। মই আৰু সুযোগ হেৰুৱাব নিবিচাৰোঁ। মনত বুদ্ধি এটা খেলালে— যদি স্পেনিছ ভাষাৰে কিবা কওঁ, তাই নুবুজি অৱজ্ঞাৰে মোক এৰি থৈ যাব।

 ‘হেল্ল’!, হেল্ল'!— মই উদ্বিগ্নতাৰে ইংৰাজীতে চিঞৰিলোঁ। তাই উভতি চালে।

৮০