পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এল প্ৰছপেক্টাডৰ কাৰ্যালয়ত সম্পাদকৰ সৈতে সাংবাদিক মাৰ্কে’জ

ডাঙৰ চকু দুটাৰে ভয়াৰ্ত দৃষ্টিৰে মোলৈ কিছুপৰ চাই থাকিল।

 ‘হেল্প মী!’— মই ক'লোঁ। তাই নিশ্চয় বুজি পাইছে মোৰ কথা।

 তাইৰ এক মুহূৰ্তৰ দ্বিধাগ্ৰস্ততা। মোলৈ চালে আৰু তাৰ পাছতে উধাতু খাই লৰ দিলে। যেন প্ৰাণৰ মায়াতহে পলাই গ'ল তাই।

 এটা মানুহ, এটা গাধ আৰু এটা কুকুৰ

 এনে লাগিল যেন শেষত এতিয়া উদ্বিগ্নতাতহে মোৰ মৃত্যু হ’ব। ভাব হ'ল, সঁচাকৈয়ে যেন মোৰ মৃত্যু হৈছে। শগুনবোৰে ছিঙি খাইছে মোৰ গাৰ মঙহ। পুনৰ কুকুৰৰ ভুভুকনি শুনিলোঁ। মাতটো যিমানে কাষ চাপি আহিছে, সিমানে বাঢ়ি গৈছে মোৰ বুকুৰ ধপ্‌ধপনি। হাতৰ তলুৱাত ভৰ থৈ মই উঠিবলৈ চেষ্টা কৰিলোঁ। লাহে

ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক-৬
৮১