পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পুৱা মই মোৰ অৱস্থাৰ সলনি কৰিলোঁ। গঙাচিলনীজনী এতিয়া ভৰিৰ কাষত। এইবাৰ তাই মোৰ জোতা খুঁটিয়াবলৈ ধৰিছে। লৰচৰ কৰিছে জোতা। মই স্থিৰ হৈ ৰ’লে তায়ো স্থিৰ হৈ থাকে। ধীৰে ধীৰে পুনৰ মোৰ মূৰ শিতানলৈ আহিল। পুনৰ মূৰত খুঁটিয়াবলৈ ধৰিলে। কিন্তু শান্তভাৱে। মই আপত্তি প্ৰকাশ কৰিবলৈ মূৰটো জোকাৰি দিয়াত তাই এইবাৰ চুলিত খুঁটিয়ালে— যেন মোৰ স'তে খেলিছেহে তাই। বাৰে বাবে অৱস্থান সলনি কৰিলোঁ। পিছে তায়ো কম নহয়, যেন মোক কোনোমতেই ৰেহাই নিদিব। বাৰে বাৰে তায়ো মূৰৰ ওচৰলৈ আহিয়ে থাকিল।

 ইতিমধ্যে ৰাতি পুৱাল। খুব সহজেই মই হাত আগুৱাই তাইক ধৰি পেলালোঁ। কিন্তু তাইক মৰাৰ মোৰ কোনো ইচ্ছা নাই। সেয়া হ’ব অৰ্থহীনভাৱে তাইক বলি দিয়াৰ দৰে কথা। মই ক্ষুধাৰ্ত, কিন্তু এই বৃদ্ধ চৰাইটোৱে মোৰ ক্ষুধা দূৰ কৰিব নোৱাৰে। গোটেই ৰাতিটো তাই মোক সংগ দিছে। কোনো ক্ষতি কৰা নাই। তাইক ধৰাৰ লগে লগে ডেউকা দুখন মেলি দিলে তাই, মোৰ কবলৰ পৰা নিজকে মুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা চলালে। মই ডেউকা দুখন ভাঁজ কৰি তাইক চেপি ধৰি থাকিলোঁ— যাতে লৰচৰ কৰিব নোৱাৰে। তাই মূৰ তুলি মোলৈ চালে। পুৱাৰ প্ৰথম পোহৰত দেখিবলৈ পালোঁ তাইৰ ভয়াৰ্ত চকু দুটা। যদি তাইক মাৰিবলৈ মোৰ পৰিকল্পনাও থাকিলহেঁতেন, তাইৰ এই চকু দুটাৰ বাবে মই সফল হ’ব নোৱাৰিলোহেঁতেন।

 সোনকালেই সূৰ্য উদয় হ’ল। ৰ’দ ইমানেই প্ৰখৰ যে সাত বজাৰ ভিতৰতে গৰমত সকলো উতলিবলৈ ধৰিলে। মই তেতিয়াও চৰাইজনীক চেপি ধৰি শুই আছোঁ। আগৰ দিনবোৰৰ দৰেই সমুদ্ৰ গভীৰ আৰু সেউজীয়া বৰণৰ। কিন্তু পাৰৰ চিন কোনো ফালেই নাই। বতাহো চঞ্চল। বন্দী চৰাইজনীক এৰি দিলোঁ মই। চৰাইজনী মূৰ জোকাৰি তড়িৎ বেগেৰে আকাশলৈ উৰা মাৰিলে। জাকৰ আনবোৰ চৰাইৰ সৈতে পুনৰ মিলি গ'ল।

 সিদিনাৰ পুৱাৰ সূৰ্যটো আছিল বিগত দিনবোৰৰ তুলনাত অধিক যন্ত্ৰণাদায়ক। পিঠিত পানীজোলা উঠিছে মোৰ। ব’ঠাপাটৰ ওপৰত ভেঁজা দি শুই আছিলোঁ মই, কিন্তু কাঠৰ চাপত পিঠিখন ইমান বিষাবলৈ ধৰিলে যে বঠাপাট আঁতৰাই নিবলৈ বাধ্য হ'লোঁ। মোৰ কান্ধ আৰু হাত দুখনো বিষাবলৈ ধৰিছে। আনকি আঙুলিৰে মোৰ গাৰ ছালো চুই চাব পৰা নাই— যেন পোৰা কয়লাহে। চকু দুটাতো পোৰণি উঠিছে॥ স্থিৰ দৃষ্টিৰে কোনো বস্তুৰ ফালেই চাব পৰা নাছিলোঁ। চকু ছাট মাৰি ধৰা উজ্জ্বল পোহৰ চাৰিওফালে। আজিহে যেন মোৰ দুৰৱস্থাৰ উমান পালোঁ। সূৰ্যৰ তাপ আৰু নিমখীয়া বতাহত মই যেন ফাটি-ফুটি যাবলৈ ধৰিছোঁ। খুব সহজেই মই হাতৰ ছাল কিছু এৰুৱাই পেলালোঁ। ছালৰ তলত কোমল আৰু ৰঙা মঙহ। পিছ মুহূৰ্তত পোৰণিত ছট্‌ফটাবলৈ ধৰিলোঁ। নোমকূপৰ পৰা তেজ বিৰিঙি উঠিল।

৬৭