পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আঠ

এটা মাছৰ বাবে
হাঙৰৰ সৈতে যুদ্ধ

 বিগত সাতটা দিন পাৰৰ ফালে নগৈ সমুদ্ৰৰ মাজলৈ আঁতৰি গৈ আছোঁ— এই দুশ্চিন্তাই মোৰ যুঁজ দিয়াৰ শক্তি নোহোৱা কৰি পেলালে। কিন্তু মৃত্যু কাষলৈ আহিলে হেনো আত্মৰক্ষাৰ প্ৰবৃত্তি বাঢ়ি যায়। সম্ভৱতঃ শেষত মোৰো সেয়ে হ’ল। বহুকেইটা কাৰণত আজিৰ দিনটো বাকী দিনবোৰৰ তুলনাত বেলেগ আছিল। সমুদ্ৰ শান্ত, সূৰ্যৰ পোহৰো উজ্জ্বল আৰু পৰিষ্কাৰ। মৃদু বতাহে বোটখনক ধীৰে ধীৰে আগুৱাই নিছে। সূৰ্যৰ তাপো উপভোগ্য হৈ উঠিছে।

 আজি মাছবোৰেও যেন অন্য ৰূপ লৈছে। পুৱাৰে পৰাই সিহঁত বোটৰ কাষে কাষে সাঁতুৰি ফুৰিছে। স্পষ্টকৈ দেখিবলৈ পাইছোঁ— নীলা, ৰঙা, বাদামী সকলো ৰঙৰ, সকলো আকৃতিৰ মাছ। এনে লাগিল যেন বোটখন এটা একুয়াৰিয়ামৰ ভিতৰতহে ভাঁহি ফুৰিছে।

 নাজানো— সাত দিন ধৰি অনাহাৰে এনেদৰে সমুদ্ৰত থকাৰ পাছত বাচি থাকিবলৈ মানুহ অভ্যস্ত হৈ পৰেনে নাই। মাছবোৰ যেন মোৰ যাত্ৰাৰ সহচৰ, বিশ্বস্ত সংগী। মোৰ সাদিনীয়া পুৰণি বন্ধু।

 আজিৰ এই পুৱা আকৌ চিন্তা কৰিলোঁ যিকোনো প্ৰকাৰে লক্ষ্যত উপনীত হ’বই লাগিব। যদিও মই নিশ্চিত, বোটখন য'ত আহি উপস্থিত হৈছে, সেই ঠাইত কোনো জাহাজ নাই। আনকি গঙাচিলনীবোৰো দিশহাৰা।

 তথাপি ভাব হ’ল সাতটাকৈ দিন এনেদৰে দিক্‌বিদিক হেৰুৱাই উটি-ভাঁহি ফুৰাৰ পাছত সমুদ্ৰত অভ্যস্ত হৈ পৰিছোঁ মই। মৃত্যুভয়ৰ সৈতে অভ্যস্ত হৈ পৰিছোঁ। জীয়াই থাকিবলৈ মোৰ আৰু কোনো ব্যাকুলতা নাই। এটা সপ্তাহ প্ৰবল ঢৌ আৰু বতাহৰ মাজত জীৱন পাৰ কৰি দিছোঁ। গোটেই জীৱনটো এই বোটতে অতিবাহিত কৰা অসম্ভৱ নেকি?

 মাছবোৰে পানীৰ ওপৰভাগত সাঁতুৰি ফুৰিছে। সমুদ্ৰ এতিয়াও পৰিষ্কাৰ আৰু

৫৬