পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাংসও ওলাই আহিছে পাখিৰ সৈতে। পাঁচ দিনৰ অনাহাৰৰ পাছত সন্মুখত পোৱা যিকোনো খাদ্যই গোগ্ৰাসে খাই পেলাব পাৰি। কিন্তু চৰাইটোৰ কেঁচা তেজ-মাংসৰ গোন্ধত মোৰ বমিৰ ভাব আহিল। তথাপি উপায় নাই, সতৰ্ক হৈ ডেউকাৰ পাখিবোৰ গুচাবলৈ চেষ্টা কৰিলোঁ। কিন্তু ছালখন ইমান কোমল যে পাখিবোৰ গুচাবলৈ অসুবিধা হৈছিল। বোটৰ ভিতৰত থকা পানীৰে ধুই পাখি গুচোৱা চৰাইটো দুটুকুৰা কৰিলোঁ। গোলাপী পাকস্থলী আৰু নীলা সিৰাবোৰে মোৰ ভোকটো আকৌ জগাই তুলিলে। ভৰিৰ টুকুৰা এটা মুখত ভৰালোঁ, কিন্তু গিলিব নোৱাৰিলোঁ। ভীষণ কষ্টদায়ক, যেন কেঁচাই কেঁচাই বেং এটাহে চোবাইছোঁ। ঘৃণাত মাংসটুকুৰা ওকালি পেলাই দিলোঁ। বেছ কিছু সময় চুপ হৈ বহি ৰ'লোঁ। হাতত ৰক্তাক্ত মাংসৰ টুকুৰাবোৰ।

 মনত এটা ভাব খেলালে — যিখিনি খাব নোৱাৰোঁ সেইখিনি মাছৰ টোপ হিচাপে ব্যৱহাৰ কৰিব পাৰিম। কিন্তু মাছ ধৰিবলৈ হাতিয়াৰ ক'ত? আছে মাথোঁ এটা পিন। এডাল তাঁৰজাতীয় কিবা এটা থাকিলে হয়তো কাম চলিলেহেঁতেন। লগত আছে কেৱল চাবি, ঘড়ী, আঙঠি আৰু মবিলৰ তিনিখন দোকানৰ কাৰ্ড।

 বেল্টডালৰ কথা মনলৈ আহিল। বকলেছটোকে হয়তো বৰশী হিচাপে ব্যৱহাৰ কৰিব পৰা যাব পাৰে। কিন্তু সকলো চেষ্টাই ব্যৰ্থ। অন্ধকাৰ নামি আহিছে। মাছবোৰে তেজৰ গোন্ধ পাই উন্মত্ত হৈ পৰিছে। আন্ধাৰ একেবাৰে নামি অহাৰ পাছত মই গঙাচিলনীটোৰ বাকী অংশবোৰ সাগৰলৈ দলিয়াই দি শুই পৰিলোঁ। ব’ঠাপাট আঁতৰাবলৈ গৈ বুজিলোঁ— মই খাব নোৱৰা টুকুৰাবোৰ লৈ মাছবোৰে খোৱা-কামোৰা কৰিছে।

 ক্লান্ত আৰু আশাহত মনত মোৰ ভাব জন্মিল যেন আজি ৰাতিয়েই মই মৰি যাম। এছাটি বেগেৰে বলা বতাহে বোটখন কঁপাই দিলে। মোৰ খেয়ালেই নহ'ল যে আগতীয়াকৈ আত্মৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। ৰছীৰে বোটৰ সৈতে নিজকে বান্ধি লোৱাৰ আৱশ্যক। সেইবোৰ একোৱেই কৰা নহ'ল। দেহত অনন্ত ক্লান্তি। বোটৰ তলৰ পিনে মূৰ থৈ আৰু ভৰি দুখন পানীৰ পৰা সামান্য ওপৰত থৈ শুবলৈ যত্ন কৰিলোঁ।

 মাজনিশা অস্থিৰতাৰ শাম কাটিল। আকাশত জোন ওলাল। দুৰ্ঘটনাৰ পাছত এই প্ৰথম জোন দেখিলোঁ। নীলাভ হৈ পৰা ৰাতিৰ সমুদ্ৰ মায়াৱী হৈ উঠিল। কিন্তু সিদিনা জেম নাছিল, মই অকলে। ভাগ্যৰ ওপৰত নিজকে সঁপি দিছোঁ।

 যিমানবাৰ মোৰ উদ্যম ভাগি পৰিছে, সিমানবাৰেই কিবা নহয় কিবা এটা ঘটিছে মনত আশা যোগাবলৈ। সিদিনা ৰাতিও ঢৌৰ ওপৰত ওপঙি পৰা জোনাকৰ আলোকে মোক আশান্বিত কৰি তুলিছে। দুদিন আগলৈ মোৰ বিশ্বাস দৃঢ় হৈ আছিল যে উদ্ধাৰকাৰী জাহাজ আহিবই। এতিয়া সেই আশা এৰি দিছোঁ। কিন্তু ষষ্ঠ দিনৰ নিশা জোনাকৰ পোহৰত উন্মাদৰ দৰে পুনৰ দিগন্ত বিচাৰিবলৈ ধৰিলোঁ প্ৰথম ৰাতিটোৰ দৰেই ব্যাকুল

৫২