পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 প্ৰাৰ্থী প্ৰেয়া৭০/৮০জন। এটা কোঠাত প্ৰাৰ্থীৰ নাম পঞ্জীয়ন কৰি থকা হৈছিল।

তাতে তাই প্ৰান্তিক আৰু নীলমক লগ পালে। দুয়ো শ্ৰেয়াৰ দৰেই জেনিথৰ নিযুক্তিপ্ৰাপ্ত

যুৱক-যুৱতী। আড্ডা জমি উঠিল। তিনিও লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈ মৌখিক

সাক্ষাৎকাৰৰ বাবে শাৰী পাতিলে গৈ। তাত মাত্ৰ বিছ গৰাকী প্ৰাৰ্থী। হঠাতে নীলমে

এজন ভদ্ৰলোকলৈ অঙুলিয়ালে।মানুহজন দেখাত জেনিথ ক্ৰিয়েশ্চনৰ ডি.চৌধুৰীৰ

দৰেই। প্ৰান্তিকে তথ্য সংগ্ৰহ কৰি আনিলে। বিছগৰাকী প্ৰাৰ্থীৰ মাজত এজন দিবাকৰ

চৌধুৰীও আছে। তিনিও মানুহজনৰ পিছফালে মনে মনে থিয় হ'লগৈ। তেওঁ লগৰ

এজনৰ লগগত কথা পতাত মগ্ন আছিল।

 : তই বোলে কিবা এটা কোম্পানী খুলিছ? জেনিথ নে কি জানো ...

 : মোৰ দৰে কেইটামান নিবনুৱাক অলপ আশাৰ ৰেঙনি দেখুৱালো আক’।

 : মানে ভুৱা চাকৰি?

 : তাতে কাৰ কি আহে যায়?

 শ্ৰেয়াৰ মূৰটো গৰম হৈ গ’ল মানুহজনৰ কথাত। তাই মানুহজনৰ সন্মুখত থিয় হলগৈ।

 মোতকৈ বেছি আপোনাক প্ৰয়োজন চাকৰি এটাৰ, নহয়নে মি.ডি.চৌধুৰী?

মই চাৰেণ্ডাৰ কৰিলো। আপুনি চাকৰিটো পালে গুৱাহাটীৰ নিবনুৱা ল'ৰা-ছোৱালী

কিছুমানে সকাহ পাব। আপোনাৰ মনৰ পৰা ভুৱা চাকৰি দিয়াৰ ধান্দা আতৰিব যে। অল

দি বেষ্ট।

 খৰখোজেৰে আঁতৰি যোৱাৰ আগতে তাই জেনিথৰ পৰা দিয়া এডভাৰ্টাইজিং

মেনেজাৰৰ পৰিচয়পত্ৰখন মানুহজনৰ হাতত গুজি দিবলৈ নাপাহৰিলে।

ooooo

৬৪