পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইন্টাৰভিউ

 

 আজিকালি চাকৰিৰ বৰ ক্ৰাইছিছ। ল'ৰা-ছোৱালীবোৰ যিমানেই অৰ্হতাসম্পন্ন

হ'ব ধৰিছে, চাকৰিৰ সংখ্যা সিমানেই কমি আহিছে। শ্ৰেয়াৰ উদাহৰণ লোৱা যাওঁক।

তাই এম.এ.বি.এড। কম্পিউটাৰ আৰু এডভাৰ্টাইজিং কোৰ্চ কৰিছে। গুৱাহাটীত

নিত্য নতুন অনুষ্ঠান-প্ৰতিষ্ঠান খুলি আছে শ-শ যুৱক-যুৱতীক চাকৰি দিয়া

প্ৰলোভনেৰে। শ্ৰেয়া ইণ্টাৰভিউ দি ফুৰাত ওষ্টাদ। এবাৰ তাই গ'ল "জেনিথক্ৰিয়েশ্চন"

নামৰ নতুনকৈ স্থাপিত হোৱা মিডিয়া সংস্থাৰ কিছুমান খালি পদৰ বাবে হোৱা

সাক্ষাৎকাৰ অনুষ্ঠানলৈ। বিজ্ঞাপন বিভাগত তাইৰ বাছনিও হ’ল। এডভাৰটাইজিং

মেনেজাৰ হিচাপে। খুব জাকজমক অফিচ, সুসজ্জিত আচবাব, ভদ্ৰ, সম্ৰান্ত

বিষয়ববীয়া সকলোখিনি আকৰ্ষণীয়। তেওঁলোকৰ প্ৰথম ভিডিঅ ছৱি "অনামিকা"ৰ

শ্বুটিং চলি থকা বুলি জনাইছিল। যতীনবৰা, ৰাগ ঐনিতম, শ্যামন্তিকাৰ উপৰিও

বলিউডৰ ডিনোমাৰিয়াহঁতেও হেনো জেনিথৰ লগত চুক্তিৱদ্ধ হৈছে।

 ইন্টাৰভিউ বোৰ্ডত থকাসকল আকৰ্ষণীয় ব্যক্তিত্বসম্পন্ন। তাৰে এজন মিঃ

ডি. চৌধুৰী। বেছিভাগ বুদ্ধিদীপ্ত প্ৰশ্ন তেৱেই সুধিলে প্ৰাৰ্থী সকলক। নিৰ্বাচিত

প্ৰাৰ্থীসকলক পৰৱৰ্তীকালত তিনিদিনীয়া প্ৰশিক্ষনো দিয়ালে। শ্ৰেয়াহঁতে আই কাৰ্ডো

পালে।

 মিডিয়াৰ কাম কৰাৰ আনন্দই বেলেগ। কিন্তু জেনিথৰ কামকাজ লেহেমীয়া

গতিত আগবঢ়া দেখি শ্ৰেয়াৰ বিৰক্তি লাগিল। তাই গুৱাহাটীৰ বিখ্যাত "মডেল

পাব্লিকস্কুল"ত খালি পদৰ বাবে অনুষ্ঠিত হোৱা সাক্ষাৎকাৰ দিবলৈ গ’ল। খালি থকা

৫ টা পদৰ বিপৰীতে

৬৩