পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেনে আছে অৰুন্ধতী?

 

 ইঞ্জিনিয়াৰিং কলেজৰ অধ্যাপক দেবব্ৰত চলিহা। সোমবাৰে কলেজৰপৰা

আহি পত্নী অৰুন্ধতীৰ সৈতে বেলকনিত বহি চাহ খাইছে। ওচৰৰ "বেবী ক্ৰেডেল"ত

সদ্যোজাত পুত্ৰ সন্তানে পৰম শান্তিত শুইছে।

 : জানানে,আজি কলেজত ছাত্ৰ-ছাত্ৰীবোৰ মোক আগুৰি ধৰি শুভেচ্ছা

জনালে। অদ্ভুত ধৰণে প্ৰশ্নও কৰিলে।

 : অদ্ভুত ধৰণে মানে?

 :মানে, এজনে শুধিলে, - ছাৰ, আপুনি মেডামৰ লগত কেনেকৈ

আপোনাৰ আনন্দ ভগালে? ভাবাচোন, কিমান প্ৰাইভেট প্ৰশ্ন কৰে আজিকালিৰ

ল'ৰা-ছোৱালীবোৰে।

 : ইচ্। আপোনাৰ কাৰণেহে প্ৰাইভেট। আপুনি কেচুৱাটোক নোচোৱাকৈয়ে

মোৰ কাষলৈ দৌৰি আহিছিল, মই ভালে আছোনে চাবলৈ, মোক এটা চুমাৰে

অভিনন্দন জনাবলৈ। অৱশ্যে আপোনাৰ ষ্টুডেন্টক ক’ব পাৰিলেহেঁতেন- আমি দুয়ো

ঈশ্বৰক ধন্যবাদ জনালো, জাতীয় কিবা এটা।

 : অহ্‌! তোমাৰ কথাৰ পৰা মনত পৰিছে, ফাইনেল ছেমিষ্টাৰৰ এজন ছাত্ৰই

কেচুৱাৰ নহয়, তোমাৰহে খবৰ ল’লে।

 : মোৰ? হাউ চুইট!

 : কি সুধিলে জানা ? ছাৰ অৰুন্ধতী কেনে আছে?

৫৬