পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 খুউব ধুনীয়া।

 : যদি তাই কাৰোবাক পছন্দ কৰি থৈছে।

 : মই জানো, তাই এতিয়াও চিংগেল।

 : আপুনি ভাল দায়িত্ব এটা দিলে...মৰিবলৈ আহি দেখোন ফচি গ'লো।

 : কাৰোবাৰ প্ৰতি কিবা কমিট্‌মেণ্ট থাকিলেহে জীয়াই থকাৰ মজা আছে।

নহয় জানো? আজিকালিৰ ল'ৰা-ছোৱালীয়ে মাক-দেউতাকৰ প্ৰতি কিবা দায়িত্ব থকা

বুলি নাভাৱে নহয়। কেৱল প্ৰেয়সীৰ বাবেহে জীয়াই থাকে।

 বেদান্ত লাজত ৰঙা পৰিল।

 : আপুনিও উভতি ব’লক। এতিয়াৰ পৰা ছদ্মনামত গল্প লিখিব। কোনেও

আপোনাক আমনি নকৰিব। আপোনাৰ পতিদেৱেও গম নাপাব। সন্দেহ নোহোৱা

হ'লেই মৰম-চেনেহ বাঢ়িব।

 মেধাৰ হাঁহি উঠি গ'ল। এৰা, ঠিকেই কৈছে ল'ৰাটোৱে। ইমান সহজ

উপায়।

 : বলক। আপোনাৰ দুহিতাৰ সতে চিনাকি কৰাই দিবলৈ নাপাহৰিব কিন্তু।

 দুয়ো হাঃ হাঃ কৈ হাঁহি উঠিল।

○○○○○