হঠাৎ মহিলাগৰাকীয়ে হাঃ হাঃ কৈ হাঁহিব ধৰিলে।
: তুমি মৰিবলৈ আহিছা? হোৱাট এ ফান্।
: ফান্?মৰাটো?
: অফকোৰ্চ। ময়োতো একে উদ্দেশ্যতে আহিছো।
এইবাৰ বেদান্তয়ো হাঁহিলে হোহোৱাঁই।
আপুনি চুইছাইড নোট লিখিছে?
: নানা। গল্প লিখিছো। মোৰ জীৱনৰ গল্প। মৰাৰ আগতো সৌ লেটাৰ
বক্সটোত ড্ৰপ কৰি দিম। প্ৰান্তিকলৈ পঠিয়াম।
: ছপাব বুলি চিওৰনে?
: মেধা বৰপূজাৰীৰ গল্প পঢ়িবলৈ মানুহেচোন আগ্ৰহেৰে ৰৈ থাকে।
: আপুনি, আই মীন মেধা ...? তেন্তে আপুনি মৰিবলৈ আহিছে যে?
: নমৰি কি কৰিবা? মোৰ পৰমপূজ্য স্বামীদেৱতাই মোক সন্দেহ কৰে।
মোলৈ চিঠি লিখা, ফোন কৰা প্ৰশংসলক হিংসা কৰে।
মোৰ গল্প বিচাৰি ফোন কৰা কাকত - আলোচনীৰ সম্পাদকবোৰৰ লগত মোৰ...
বাদ দিয়া। তুমি?
:মোৰ বিলাভেড আনৰ হ'লগৈ। তায়ো মেধা। মোৰ বাবে এটা শ্বক্।
: এজনী দুদিনৰ চিনাকি ছোৱালীৰ বাবে মৰিবলৈ আহিছা?বয়স চাগে বিছ
পাৰ কৰাই নাই?
বিছত সোমাইছো। ইঞ্জিনিয়াৰিং পঢ়ি আছো।
: দুবছৰ পিছত ইঞ্জিনিয়াৰ হ’বা, চাকৰি কৰিবা মেধাতকৈও ভাল ছোৱালী
পাবা। আচ্ছা শুনা, মোৰ ছোৱালীজনী বি.কম, চেকেণ্ড ইয়েৰত। পঢ়াত চোকা।
এম.কম. বা এম.বি.এ.কৰিব খোজে। তুমি তাইকেই বিয়া পাতিব পাৰিবা। তাই