এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চুইচাইড্ (২)
দীঘলীপুখুৰীৰ খটখটিৰে বেদান্ত নামি গ’ল। তললৈ। তাৰ জীৱনটোৰ কৰুণ
পৰিসমাপ্তি ঘটাবলৈ সি আহিছে। তাৰ প্ৰেয়সী মেধা যেতিয়া আনৰ বাগদত্তা হ'লগৈ,
তাৰ জীয়াই থকাৰ হেঁপাহকণ শেষ হৈ গ’ল। এতিয়াও ভালদৰে সন্ধিয়া হোৱা নাই।
এন্ধাৰ হ'লেহে পানীত জপিওৱাটো ঠিক হ’ব বাবেই সি বেন্স এখনত অলপ সময়
বহিবলৈ ঠিক কৰিলে। সি মন কৰিলে চুৰিদাৰ পৰিহিতা এগৰাকী মহিলা কিবা লিখাত
ব্যস্ত। কৌতুহলবশতঃ সি ওচৰ চাপি আহিল।
: কবিতা লিখিছে?
তেঁও উচপ খাই উঠি তালৈ চালে।
: ওহ্। নাই নহয়। গল্পহে...
: বহোনে? আপোনাৰ যদি আপত্তি নাই
: বহা।
তাক কমবয়সীয়া যেন দেখিয়েই তেওঁ বহা বুলি কলে। আকৌ লিখাত মগ্ন
হ'ল।
: আপুনি সাতুৰিব জানে?
না..নাজানোতো..। কিয় সুধিলা?
: মানে.মই ইয়াত চুইছাইড্ কৰিবলৈ আহিছিলো..আপুনি সাতুৰিব জানিলে
মোক বচাবলৈ চেষ্টা কৰিব আৰু মই বাচিব নোখোজো।
৫৩