পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
অসমৰ সাংস্কৃতিক বিপৰ্য্যয়


তাক আগতেই বিচাৰ কৰা উচিত। লোকৰ সভ্যতা গ্ৰহণ কৰি তাৰ লগত নিজে মিলি যোৱাতকৈ —নিজৰ সাঁচত গঢ় দি নিজৰ কৰি লোৱাই জ্ঞানীৰ কাম।

 যান্ত্ৰিক সভ্যতাই গা কৰাৰ লগে লগেই সংস্কৃতিও দ্ৰুত গতিৰে বিপদৰ বুকুলৈ আগবাঢ়ি গৈছে, আচলতে ইউৰোপৰ যান্ত্ৰিক আন্দোলনৰ (industrial revolution) যুগৰ পৰাই সংস্কৃতিক বলি দিবলৈ আয়োজন কৰা হৈছে। বিশ্বসংস্কৃতিয়ে আজি নিজকে বৰ বিপন্ন বোধ কৰিছে। এনে সময়ত সাংস্কৃতিক মৰ্য্য়দাক উচ্চ-আসন দি তাক নিৰাপদ ভাৱে উন্নতিৰ চৰম মাৰ্গলৈ পৰিচালনা কৰাৰ ভাৰ পৰিছে অসমীয়া তথা ভাৰতীয় সংস্কৃতিৰ ওপৰত। আজিৰ অসমীয়া তথা ভাৰতীয় সংস্কৃতি খন্তেক সময়ৰ কাৰণে আত্মবিস্মৃত হব পাৰে; কিন্তু বুৰঞ্জীয়ে সাক্ষ্য দিব-শান্তিৰ পথত আধ্যাত্মিক আদৰ্শ থকা ভাৰতীয় সংস্কৃতিয়ে যুগে যুগে পৃথিবীক শান্তিৰ সন্ধান দি আহিছে।

 সদৌশেষত কওঁ—আৱহমান কালৰ পৰা বৈ অহা অসমীয়া সংস্কৃতিৰ সূঁ‌তিৰ গতি কোনেও ৰুদ্ধ কৰিব নোৱাৰে। সময়ৰ মামৰেও আমাৰ এই সংস্কৃতিক ধ্বংস কৰিব নোৱাৰে। অসমীয়া সংস্কৃতিৰ বৰ্ত্তমান সুপ্ত অৱস্থাহে, লুপ্ত নহয়। অৱশ্যে ইয়াৰ ওপৰত সাময়িকভাৱে আন্ধাৰৰ ঢাকনি পৰিছে। কিন্তু যি সকলে চাব জানে সেই সকলে অন্ধকাৰৰ ঢাকনিৰ মাজেদিও অসমীয়া সংস্কৃতিৰ এই বিৰাট ৰূপটো দেখা পাব।

 বৰ্ত্তমান অসমীয়া সংস্কৃতি ডাৱৰ ভেদ কৰি কিছুদূৰ নিজৰ পোহৰ বিকীৰণ কৰিবলৈ সমৰ্থবান হৈছে। কিন্তু সেই বুলি আমি হাত সাৱটি বহি থকা উচিত নহয়। ডাৱৰৰ বুকু ফালি ইয়াক মুকলি আকাশলৈ উলিয়াই আনিবৰ কাৰণে সদৌ অসমবাসী সজাগ হোৱা উচিত। ৰাজনৈতিক, অৰ্থনৈতিক, শিক্ষা-সামাজিক আদি সকলো ক্ষেত্ৰতে সাংস্কৃতিক বিপ্লৱ ঘটাব লাগিব। আজিৰ সমাজক ভাঙ্গি-ছিঙ্গি তাৰ পৰাই নতুন সমাজ গঢ় দিব লাগিব - য’ত পূজিপতি শ্ৰেণী ধ্বংস হৈ যাব আৰু সৰ্ব্ব-হাৰা দলে আদৰ্শ জীৱন যাপন কৰিবলৈ সুবিধা পাব। পৰ্ব্বতভৈয়ামৰ সংহতি ৰক্ষা কৰি অসমীয়া সংস্কৃতিক প্ৰতিভাত কৰিবলৈ প্ৰত্যেক অসমীয়াই আত্মনিয়োগ কৰা উচিত। আমি আশাকৰোঁ আমাৰ চৰকাৰেও সংস্কৃতিক নতুন ৰূপ দিয়াত বৰঙণি যোগাব।

 অসমীয়া সাংস্কৃতিৰ এই অমাৱস্যাৰ যুগটো শেষ হ’বৰ সময় হৈছে আৰু ই একলা একলকৈ নিজকে পুৰঠ কৰি এদিন অসমীয়া জাতিৰ ভাগ্যকাশত পূৰ্ণচন্দ্ৰৰ উদয় হ’ব—প্ৰাচীন সংস্কৃতিৰ বিৰাট ঐতিহ্যক কেন্দ্ৰ কৰি আৰু নতুনৰ বোলেৰে নিজকে ৰঞ্জিত কৰি, ভবিষ্যতৰ বিশ্ব-সংস্কৃতিত অসমীয়া সংস্কৃতিয়েই অসীম অৱদান যোগাব। আনহাতে - আজিৰ বিপন্ন সংস্কৃতিৰ মুক্তিৰ পথ ৰচনা কৰিব অসমীয়া সংস্কৃতি তথা ভাৰতীয় সংস্কৃতিয়েই। অসমীয়া সংস্কৃতিৰ সেই নৱ-প্ৰভাতক আজিৰ অসমবাসীয়ে স্বাগতম জনাইছে।