পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
জগন্নাথ বৰুৱা কলেজ আলোচনী

সি যেন বিশ্বাস কৰিব পৰা নাই। সেইটো যেন মনবৰ নহয়। সেইয়া যেন মনবৰৰ মাত নহয়। সেপঢুকি সি কলে - কাইটি ভাবিছিলো তই এইষাৰ কথা নকৱ; কিন্তু তয়ো কলি। মোৰ আৰু কোনো নাই!” কলিয়াৰ চকুপানী ওলাই আহিল। তহঁতৰ মৰমকে বিচাৰি, এদিন ল'ৰি আহিছিলো। আৰু তহঁতিও দিছিলি। কিন্তু কোনোৱা খিনিত ভুল হৈ গ’ল। ৰাইজে মোক বাদ দিছে কিহৰ কাৰণে এবাৰ নুশুধিলি। লোকৰ কথাশুনি মোক তই – আৰু কথা কলিয়াই ক’ব নোৱাৰিলে। লাহে লাহে মনবৰৰ সমুখৰ পৰা আঁতৰি আহিল। এবাৰ পদূমীলৈ চালে। পদুমীয়ে চকুৰে সৰিয়হ ফুল দেখিছিল, কি ঘটিছে তাই একো বুজিব পৰা নাই। এইয়া যেন ভাওনাৰ বচন গাইছে। আৰু মনবৰ? সি বিজয় গৌৰৱত উৎফুল্লিত। তেতিয়া তাৰ চুৰটটো খাব পৰা হৈছে।

   *   *   *  *  *

 বহুত দিনৰ পাছৰ কথা। কলিয়াৰ অভাৱত মনবৰ আৰু পদুমীয়ে বহুতো অসুবিধা পাইছিল। মনবৰৰ কিবা এটা হলে আজি কলিয়া নাহে। পদুমীৰ কিবা দৰকাৰ থাকিলে কলিয়াক বিচাৰি পোৱা টান হ’ল। ইয়াত কিন্তু মনবৰৰ খেদ নাই। সি ভাল কামকেই কৰিছে। মনবৰ জিলালৈ আকৌ যাবলগীয়া হ'ল। মনবৰে শুনিছিল পথাৰত হেনো দুইটাই কথাপাতি থাকে। এইবোৰ পদুমীৰ কি? এদিন গৰু বিচাৰি সিহঁতৰ বাৰী পাইছিলহি। পদুমীয়ে হেনো চাকি দেখুৱাই দিছে? এইবোৰ জানো পদুমীয়ে ভাল কাম কৰিছে। কলিয়াক শুনাকৈ পদুমীক মনবৰে সেইদিন ধমক দিছিল—যদি মোৰ সীমাৰ ভিতৰত তাক পাম, তাঁৰ ঠেঙ ভাঙ্গিহে এৰিম। তেহে চিনিবি মনবৰক। আজি জিলালৈ যাবলগীয়া হোৱাত তাৰ মনটো কেনেবা কেনেবা লাগিল। ইপিনে পদুমীয়েও গাটো বেয়া বুলি শুই আছে। সি পদুমীক দেখা নিদেয়ে। দিনটো চকৰি ঘূৰা দি ঘূৰিফুৰা পদুমীয়ে বিচনা লোৱাত সি আজি ভাবিব লগীয়া হ'ল। পদুমীৰ কি হৈছে? ওচৰৰ সুমলা পেহীকো মাতি অনাইছে। জ্বৰ চৰ হোৱা নাইতো? হক জ্বৰ তাত তাৰ কি আপত্তি আছে। ইপিনে গোপনে কলিয়াৰ লগত এইবোৰ কিহৰ কাৰবাৰ, পদুমীক ধমক দি দিব নেকি? ক’তা সেই দিনা তাইক কমখন বকিলেনে সি। পদুমীতো মৌন হয়ে ৰ'ল। ইয়াৰ কাৰণ কি? নিশ্চয় কিবা এটা ইহঁত দুটাৰ মাজত আছে। আজি মই নথকাৰ গম পাই সি ওলাবহি। মই যাবই লাগিব। সি যোৱাটোকে ঠিক কৰিলে। পদুমীক মনবৰে জিলালৈ যোৱাৰ কথা ক’লে। পদুমীয়ে মানা নকৰিলে। সুমলা পেহীয়ে মানা কৰিছিল যদিও মনবৰ গুছি গ'ল।

 বহু বাট সি একো নভবাকয়ে পাৰ হ’ল। চুৰটটো শেষ হ'লত তাৰ এটা কথা মনত পৰিল। কিয় পদুমীয়ে মানা নকৰিলে, যদি পদুমীৰ গা-ভালেই নহয়? নিশ্চয় ইয়াৰ ভিতৰত কিবা কথা সোমাই আছে। আৰু পদুমী? তাই কেনে সুন্দৰ হৈ উঠিছে। আগতকৈ তাই বহুত তেজালহৈ গৈছে। ইমান ধুনীয়া সি পদুমীক কোনো দিনে দেখা নাই। বৰ সুন্দৰ পদুমী। আৰু কলিয়া?