পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
পৰিচয়

পিছে মানুহে একো নকয় নে? মালিৰামে পানৰ চূন খিনি ঠিক আছেনে নাই চাইলৈ, মুখত ভৰাই ঠিক মতে পাগ তুলি ক’লে, মানুহে? মানুহে কৰিব কিতো? সেই ধুৰন্ধৰটোক কিবা কৰিলে লাজ আছেনে? শেষত এঘৰীয়া হ’ল। জুই-পানী বাদ। তঁহতৰ ঘৰলৈ অহাযোৱা বৰকৈ কৰিছে। এঘৰীয়া কৰিবৰ আজি ৬ বছৰ মানেই হল। বহুতে কথাটো পাহৰিলে। তয়ো নতুনকৈ আমাৰ মাজলৈ আহিছ। কথাটো নাজান পিছে চাবি। কোনোবাই গম পালে বুলি মালিৰামে পিক্ খিনি পেলাই লৈ এৰি যোৱা কথা কিটা পূৰাবলৈ মুখ মেলোতেই বাটেদি যোৱা ধনায়ে মতাত উঠি গল। পদুমীয়ে মালিৰামৰ সকলো কথা শুনিছিল। গাঁৱত কিছুমান মানুহ থাকে যিবিলাকে অশান্তি আৰু অপ্ৰীতি ভাল পায়। মালিৰাম বুঢ়া মানুহ কাইলৈ বা এতিয়াই মৰি যাব পাৰে, কিন্তু মৰাৰ আগ মুহূৰ্ত্তত তেওঁ কি ভাল কাম কৰিলে বুলি ঈশ্বৰে সুধিলে—মালিৰামে কি কৈফিয়ৎ দিব? মনবৰৰ পশুটো কলিয়াৰ প্ৰতি জাগি উঠিল। কলিয়াক সি আঁতৰাই দিয়াটোকে ঠিক কৰিলে। কিন্তু তাক আঁতৰাই কেনেকৈ? শান্ত মনবৰ বুলি খ্যাতি থকা মনবৰ অশান্ত হয় কেনেকৈ? তাক দেখি গাৱৰ মানুহবোৰ নপলায়তো? যিটো মানুহক গাঁৱৰ ৰাইজে, দহে বিচাৰ কৰি বাদ দি থৈছে আৰু যদি তাক সি চপাই লয় তেন্তে সি কিমান অপৰাধ কৰি পেলাব।

 আৰু পদুমী? তাইক মনবৰে ভয় নকৰে। মনবৰৰ ভয় মাথোন গাঁৱৰ ৰাইজ আৰু সিহঁতৰ উৰ্ব্বৰ মগজৰ মেল বিলাকলৈ। য’ত হিংসাৰ বাবে মানুহে মানুহক সমাজৰ পৰা বাদদি থব পাৰে—এটা সামান্য ভুলৰ বাবে! ভবিষ্যতৰ কথা ভাবি এবাৰ মনবৰ থমকি ৰ'ল। সৰল-সহজ মনবৰৰ মনত বিৰোধ মনোভাব বোৰে অতিষ্ঠ কৰি পেলালে। সি চাৰিওফালৰ পৰিবেশটো উতপ্ত হৈ থকা অনুভৱ কৰিলে। চাৰিওফালৰ আৱহাৱাটো সি বুজিবলৈ যত্ন কৰিলে। সোনকালেই সি কিবা এটা কৰিব লাগিব, হয় পদুমীক নহয় কলিয়াক সি চিৰদিনৰ বাবে এৰিব লাগিব।

 “বুজিছা নবৌ তিনি দিন হাৰাশান্তি হলো। সৌ মাজৰ চাপৰিত পালোগৈ।” জপনাৰ পৰাই চিঞৰি চিঞৰি কলিয়াই কোৱা পদুমীয়ে শুনিলে। জুহালৰ গুৰিত মনবৰে চুৰট পকাই আছিল। কলিয়াৰ মাত শুনি শুই থকা পশুটো হঠাতে জাগি উঠিল। চোতালৰ পৰাই কলিয়াই সুধিলে—নবৌ ককাইটি নাই নেকি? ধান ক’ত ক’ত চালেগৈ। দ’ মাটিৰ ডৰা বৰ ভাল হৈছে। মই চাপৰিৰ পৰা আহোতে চাই আহিছোঁ। এইবাৰ ৰাইজৰ বৰ ভাল খেতি হৈছে হ’লে।” পদুমী ওলাই নহাত কলিয়া আচৰিত নহল। পিছে নবৌয়ে কথাবোৰ শলগা নাই কিয়? “নবৌ কিনো কৰিছা?” বুলি কলিয়া সোমাই গল। “অ’ কাইটিও আছ? ধান ক’ত ক’ত চালি?” মনবৰে এবাৰ ভাবিবলগীয়া হল। কলিয়াটো বাৰু আমাৰ কাৰণে কি? ৰাইজে যে তাক বাদ দি থৈছে। “কলিয়া তোক ৰাইজে বাদ দি থৈছে। আৰু তই আমাৰ পৰাও বাদ। মনবৰৰ খেৰৰ ঘৰটো তাৰ মূৰৰ ওপৰত খহি পৰা হলেও সি আচৰিত নহলহেঁতেন কিন্তু এই মনবৰৰ মুখৰ কথাষাৰ?