পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বৰ মজাৰ মজাৰ ঘটনা ঘটিছিল আমাৰ চুবুৰীটোত। আন এজন খুৰাই দেউতাক কৈছিল ফৰেষ্টাৰ বাবুৰ (পেটলা জেঠা নহয়) ভূতলৈ বৰ ভয়। দেউতা ভূত-প্ৰেতত অবিশ্বাসী বাবে কোনোবা মতা মানুহ ভূত বিশ্বাসী বুলি শুনিলে বিশ্বাস কৰিব নুখুজিছিল। খুৰাই মাথোঁ কৈছিল যে তেওঁ প্ৰমাণ কৰি দেখুৱাব যে তেওঁ মিছা নাই কোৱা।

 খুৰাৰ বন্ধু-বান্ধৱহঁতৰ দলটোৱে এদিন মা আৰু দেউতাক এন্ধাৰ নিশা চ’ৰা ঘৰৰ বাৰাণ্ডাত নিঃশব্দে বহিবলৈ কৈ গ'ল। সেইবোৰ ঠাইত গধূলিতে এন্ধাৰ নামি আহে। খুৰাহঁতৰ দলটোৱে হাঁহি-মাতি গান গাই আহি আছিল এনেতে আমাৰ ঘৰৰ সন্মুখ পাওঁতে প্লেনমতে দলৰে কোনোবাই কেইটামান শিলগুটি দলিয়ালে। ফৰেষ্টাৰ বাবুয়ে চিঞৰ মাৰি উঠিল— ভূত ভূত। শিলগুটিৰ বৰষুণ ধাৰাসাৰে নামিবলৈ ধৰিলে। ফৰেষ্টাৰ বাবুৰ তেতিয়া মূৰ্ছা যোৱাৰ উপক্ৰম। মানুহজনৰ অৱস্থা দেখি দেউতা ওলাই গৈ তেওঁক বুজাবলৈ ধৰিলে যে ভূত বুলি পৃথিৱীত একো নাই এইবোৰ দুষ্ট ল’ৰাৰ কাম। মানুহজন ঠৰ লাগি আছিল। তেওঁক আমাৰ ঘৰলৈ আনি চাহ-পানী খুৱাই ঘৰত থৈ অহা হ’ল। নিষ্ঠুৰ খেল খেলা বাবে ল’ৰাজাকে দেউতাৰ গালি খালে।

 কথাৰ ইয়াতে অন্ত পৰা নাছিল। নিঃসন্তান ফৰেষ্টাৰ বাবুৰ বেচেৰী ঘৈণীয়েকজনীয়ে এনে এটা ভয়পাদুৰা গিৰিয়েকক অকলে এৰি থৈ মাকৰ ঘৰলৈকো যোৱা নাছিল। হঠাতে দেউতাকৰ যোৱা-থোৱা অৱস্থা শুনি চুবুৰীৰ ডেকা ল’ৰাকেইটাক মাতি অনুৰোধ কৰিলে কেইটামান দিন তেওঁলোকৰ ঘৰত থাকিবলৈ। উভতি আহি সিহঁতক মাংস-পোলাও খুওৱাৰ প্ৰতিশ্ৰুতি দি গ’ল। পৰম উৎসাহেৰে সিহঁত ৰাজী হ’ল। দলটোত আছিল আমাৰ খুৰাজনো। অঘাইতং ল’ৰাকেইটাই ৰাতি ফৰেষ্টাৰৰ ঘৰৰ চালত শিল দলিয়াবলৈ ধৰিলে। ফৰেষ্টাৰে ভয়তে কাপোৰ-কানি তিয়াবলৈ ধৰাত ল’ৰাজাকে ক’লে পিছদিনা ভূতৰ ওজাক মতা হ’ব, গতিকে চুৰিয়াখন সলাই যেন শুই থাকে। পিছদিনা সিঁহতৰ দৰেই লাঠুৱা লৰা এটাক কাপালিকৰ দৰে সজাই-মেলি ফৰেষ্টাৰৰ ঘৰলৈ লৈ আহিল। সি ক'লে ঘৰৰ পিছফালৰ হাবিত ভূত-পূজা কৰিব লাগিব৷ পিছে ভূতক ফল-মূল, বুট-মণ্ডৰে পূজা নকৰে। নৈবেদ্যত আগবঢ়াব লাগিব পঠা ছাগলীৰ মাংস আৰু পোলাও। তথাস্তু বুলি ক'লে ফৰেষ্টাৰে। তেতিয়াৰ দিনত এইবোৰ বস্তু পানীৰ দামত পোৱা গৈছিল। এদিন হাবিত এডোখৰ ঠাই চাফা কৰি ভূত-পূজাৰ ব্যৱস্থা কৰা হ’ল। ল’ৰাহঁতে জুতি লগাকৈ মাংস-পোলাও ৰান্ধিলে। ৰঙা বস্ত্ৰ পৰিধান কৰি ভূতৰ ওজাই তাণ্ডৱ নৃত্যৰ মাজেৰে ভূত পূজা কৰিলে উচ্চস্বৰে মন্ত্ৰ মাতি। গছৰ ডালত বহি থকা দুটামান ল’ৰাই ডাল ভাঙি জাননী দি ক’লে নাকী সুৰত— ‘পূজাত আমি সন্তুষ্ট হৈ গুচি গ'লো। আৰু কোনোদিনে উভতি নাহো।’ ফৰেষ্টাৰৰ মুখত হাঁহি বিৰিঙি উঠিল। ল’ৰাজাকক ক'লে যে তেওঁৰ পৰিবাৰ উভতি আহিলে ডাঙৰকৈ ভোজ খুৱাব। ল’ৰাজাকে সিদিনাও মাংস-পোলাওৰ ‘প্ৰসাদ’ দগৰি খালে।

 দহ দিনমানৰ পিছত ফৰেষ্টাৰ-পত্নী উভতি আহি সকলো কথা শুনি গিৰিয়েকক গালিত থকাসৰকা কৰিলে। মুৰ্খ এটাক বিয়া কৰাই জীৱনটো নষ্ট কৰা বাবে অনুতাপত দগ্ধ হোৱা বুলি ক'বলৈকো এৰা নাছিল। ল’ৰাহঁতৰ বিৰুদ্ধে গোচৰ দিবলৈ প্ৰথমতে তেওঁ আহিল

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৭৯