পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাইস্কুলৰ হোষ্টেলত ৰাখি পঢ়ুৱাব। তাৰ পিছত পঠিয়াব শান্তি নিকেতনলৈ। সেইমতে বাইদেউক এটা সময়ত ধুবুৰীলৈ পঠালে। তিনি বছৰমান পিছত যাবলৈ ময়ো ভৰি দাঙি থাকিলো। পিছে মোৰতো যোৱা নহ'লেই বাইদেৱো উভতি আহিবলগা হ'ল।

 ১৯৩৯ চনৰ ছেপ্টেম্বৰৰ ১ তাৰিখে ইউৰোপত দ্বিতীয় বিশ্বযুদ্ধৰ ৰণভেৰি বাজি উঠিল। কালক্ৰমে সেই যুদ্ধ আহি পালে এচিয়াৰ পূব প্ৰান্ত। জাপানী সৈন্যবাহিনীয়ে ব্ৰহ্মদেশ অধিকাৰ কৰি অসমৰ পূব সীমা পালেহি। চাৰিওফালে যুদ্ধ যুদ্ধ পৰিবেশ। আমাৰ ঘৰৰ অনতিদূৰেদি পাৰ হৈ যোৱা ৰে'লত দেখিছিলো শ্বেতাংগ আৰু কৃষ্ণাংগ সৈনিকসকলক উজনি অসমলৈ যোৱা। এটা সময়ত ধুবুৰীতো সেনাৰ ছাউনী পৰিল। ছোৱালী হোষ্টেল বন্ধ কৰি দিয়া হ’ল। নৱম শ্ৰেণীত পাঠৰত অৱস্থাত বাইদেউ উভতি আহিল কোকৰাঝাৰলৈ। কলকাতাতো যুদ্ধৰ বিভীষিকা। জাপানে তাত বোমাও পেলালে। গতিকে শান্তি নিকেতন সপোন হৈয়ে থাকিল। উপায়বিহীন হৈ ঘৰতে বাইদেৱে মেট্ৰিক পৰীক্ষাৰ বাবে সাজু হ’বলৈ ধৰিলে।

 বাইদেউ উভতি আহিব লগা হোৱাৰ বাবে দেউতাই যি মনোকষ্ট পাইছিল তাক এতিয়া মই ভালকৈয়ে উপলব্ধি কৰিব পাৰো। আজিও অনেক পৰিয়ালত কন্যা সন্তান উপেক্ষিতা। কিন্তু আমাৰ ঘৰত ছোৱালী সদায় মৰমৰ মাজতেই ডাঙৰ হৈছে। আনকি আমাৰ আবুয়েও ল'ৰা নোহোৱাৰ বাবে আক্ষেপ কৰা নাই। তেওঁৰ তিনিওজন পুতেকৰ ছোৱালীৰ সংখ্যাই বেছি। আবুই মৃত্যুৰ আগতে এটা মাত্ৰ নাতিৰ জন্ম দেখি গৈছে। কিন্তু তাৰ প্ৰতি কোনো পক্ষপাতিত্ব কৰা আমি দেখা নাছিলো। আমি ডাঙৰ হোৱাৰ বহু পাছত মাই আমাক কৈছিল যে তেওঁৰ কোনোবা এজনী জীয়েকৰ জন্মৰ পিছত হেনো তেওঁ কৈছিল— ‘এইজনীও ছোৱালী হ’ল।’ দেউতাই অবাক হৈ মাক কৈছিল, মাক হৈ তেওঁ এনে কথা কেনেকৈ ক’বলৈ পালে। সন্তান সন্তানেই। তাৰ আকৌ ল’ৰা-ছোৱালী কি?

 দেউতাৰ জীয়েক কেইজনীক লৈ বহু আশা আছিল। যিজনী বৰজীয়ৰীক তেওঁ ঘোঁৰা চেকুৰাবলৈ শিকাইছিল, বন্দুক মাৰিবলৈ শিকাইছিল, যাক তেওঁৰ লগত হাতীত বহুৱাই চিকাৰ কৰিবলৈ নিছিল সেইজনী জীয়েকক স্কুলৰ পৰা উলিয়াই আনিবলৈ বাধ্য হোৱা বাবে তেওঁৰ হৃদয় ভাগি নিশ্চয় টুকুৰা-টুকুৰ হৈছিল।

 দেউতা আছিল বিদ্যোৎসাহী, বিশেষকৈ স্ত্ৰী শিক্ষাৰ প্ৰতি আছিল আগ্ৰহী। তেওঁ কেৱল নিজৰ জীয়েককেইজনীৰ শিক্ষাৰ চিন্তা কৰা নাছিল, চিন্তা কৰিছিল সমগ্ৰ এলেকাটোৰ স্ত্ৰী শিক্ষাৰ বাবে। কোকৰাঝাৰ তেতিয়াৰ দিনতো কোনো ঘোকোট গাঁও নাছিল। অসমলৈ কুৰি শতিকাৰ প্ৰথমৰ ফালে ৰে'ল সেৱাৰ আৰম্ভ হোৱাৰ পিছতে কোকৰাঝাৰত স্থাপিত হৈছিল এটা ৰে'ল ষ্টেচন। মোৰ মনত থকা সময়ৰে পৰা তাত দেখিছো এখন থানা, ল’ৰাৰ বাবে এখন হাইস্কুল, ৰে'ল লাইনৰ উত্তৰ পাৰে এটা বৃহৎ কাঠ ব্যৱসায়ৰ কেন্দ্ৰ, দোকান, বজাৰ ইত্যাদি। তদুপৰি বিজনীৰাজৰ খুঁটাঘাট পৰগণাৰ মুখ্য কাৰ্যালয়টোও আছিল কোকৰাঝাৰত। কাৰ্যালয়টোৰ লগতে থকা ডিচপেন্সাৰিখন সম্ভৱতঃ অঞ্চলটোৰ একমাত্ৰ চিকিৎসাকেন্দ্ৰ আছিল। এনে হেন কোকৰাঝাৰত কিন্তু নাছিল ছোৱালীৰ স্কুল। প্ৰগতিশীল পৰিয়ালৰ

৫৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি