পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘৰ, এটা ফালে চ’ৰা ঘৰ, আন এটা ফালে ৰান্ধনি ঘৰ, সিটো ফালে আলহী-অতিথি থকা ঘৰ। অদূৰত ভঁৰাল, গোহালি, হাঁহ-ছাগলীৰ গড়াল, চুৱা- পাতনি ইত্যাদি। তাৰে কোনোবা এটা ঘৰত আতাহঁতৰ খেতিৰ মৰাপাট দম বান্ধি ৰখা হৈছিল। কোঠাটোৰ একাষে পাতি থোৱা আছিল তক্তাপোছ এখনত বিছনা এখন।

 এদিন মাজনিশা আবুৰ কোনোবা এজন পুতেকৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন হোৱাত মাকে তাক উলিয়াই লৈ যাওঁতে দেখিলে মৰাপাটৰ ঘৰটোৰ দুৱাৰখন কাণি-দুৱৰীকৈ খোলা। তেওঁ নিশ্চিত হ’ল চোৰে মৰাপাটখিনি চুৰ কৰি নিলে। সাহায্যকাৰী ল’ৰা দুটাক জগাই সিহঁতক লগত লৈ আবু সোমাল মৰাপাট ৰখা কোঠাটোত। মৰাপাটখিনি ঠিকেই থকা দেখি তেওঁ ধাৰণা কৰিলে চোৰটো তেনেহ’লে কোঠাটোৰ ভিতৰতে আছে। কাম কৰা ল’ৰা দুটাই আবুৰ নিৰ্দেশমতে মৰাপাটৰ দমৰ ওপৰত উঠি তন্নতন্নকৈ গৰু বিচৰা দি চোৰ বিচাৰিলে। তক্তাপোছৰ তলখনো চালে, চোৰ ক’তো নাই। ইতিমধ্যে আতাৰ টোপনি ভগাত মাজনিশাৰ নাটকখন চাবলৈ শোৱাপাটী এৰি আহিল। আহি ঘটনাটোৰ বুজ ল’লে। তাৰ পিছত চাৰিওফালে চাই ক'লে—

 চোৰটোতো বতাহ নহয় যে তোমালোকক দেখি উৰি যাব। দুৱাৰখন খোলাই আছিল।

 —মই নিজে ৰাতি শুবলৈ যোৱাৰ আগতে বন্ধ কৰি গৈছো।—আবুৱে কয়।

 —তেনেহ'লে সি গ’ল ক’লৈ?

 —ইয়াতে আছে।

 —তলে-ওপৰেতো চোৱা হ’ল। যোৱা এতিয়া শুই থাকাগৈ।

 —আপুনি শোৱক গৈ যাওক। আজি মই চোৰটোক উলিয়াইহে এৰিম। এইদৰে দুয়োৰে মাজত মিনি কাজিয়া এখন হ’ল। আতাই কথা নবঢ়াই খৰমত শব্দ তুলি শোৱনি ঘৰৰ ফালে আগবাঢ়িল।

 এইবাৰ আবুৱে নিৰ্দেশিকাৰ ভূমিকা এৰি চাদৰখন কঁকালত মেৰিয়াই নিজেই চোৰৰ সন্ধানত নামিল। মনতে ভাবিলে চোৰ নোসোমালে দুৱাৰ খুলিলে কোনে? সি ইয়াতেই আছে। মাটিৰ মজিয়াখনত লেপেটা কাঢ়ি বহি তেওঁ জুমি চালে তক্তাপোছৰ তলখন। খন্তেক পিছতে তেওঁৰ মুখত বিৰিঙি উঠিল আবিস্কাৰৰ আনন্দ। খ্যাতনামা গ্ৰীক গণিতজ্ঞ তথা আবিস্কাৰক আৰ্কিমিডিছৰ ( ২৮৭-২১১খ্ৰী.পূ. ) দৰে সাবিত্ৰী চৌধুৰীয়েও সম্ভৱতঃ কৈছিল উত্তেজিত হৈ— ‘ইউৰেকা ইউৰেকা। পালো পালো।’ লগুৱা দুটাক ক’লে দীঘল লাঠি এডাল আনিবলৈ।

 মজিয়ালৈ ওলমি থকা বিছনা চাদৰখন লাঠিডালেৰে তুলি আবুৱে দেখে বেৰ আৰু বিছনা চাদৰৰ মাজত থকা মজিয়াৰ ঠেক ঠাই ডোখৰত চোৰ বোপা নীৰৱে বহি আছে উশাহ বন্ধ কৰি। চোৰটোৰো প্ৰত্যুৎপন্নমতিতা শলাগিবলগীয়া। ধৰা পৰাৰ ভয়ত বিছনাৰ চাদৰখন টানি এটা নিৰাপদ আশ্ৰয় গঢ়ি তুলিছিল। লগুৱা দুটাই বিছনাৰ তলখন চাই তাক বিচাৰি নোপোৱা বাবে সি ছাগৈ এই যাত্ৰাত ৰক্ষা পৰা যেন পাই ঈশ্বৰক ধন্যবাদ যাচিছিল। পিছে সাবিত্ৰী চৌধুৰীৰ আই কিউ যে সাধাৰণতকৈ ওপৰত সেই কথা নিশিকুটুম্বজনে পালে

৪৪/জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি