পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিজয় গৰ্বেৰে লৰ মাৰি গৈ তেওঁলোকক কৈছিল— ‘আজি বাঙালী আপিগুলাৰ থোতা মুখ ভোঁতা কৰিলু।’ বুৰী ওৰফে অবলা সুন্দৰীক এইখিনিতে এৰি কিংকৰ্তব্যবিমূঢ় আবুৰ ওচৰলৈ যাওঁ।

 আবুৰ মনত পৰিছিল আতালৈ। ঘৰৰ আগচোতালত তালগছজোপাৰ তলত গধূলি ব্ৰহ্মপুত্ৰৰ পৰা অহা ৰিব ৰিব বতাহত গা জুৰ পেলাই বহি আছিল দম্পতিটো। দেউতাকৰ কোলাত আছিল আঢ়ৈ বছৰীয়া বৰপুত্ৰ আৰু মাকৰ কোলাত ছমহীয়া সৰুটো পুত্ৰ। ইহঁতৰ ভৱিষ্যৎ সম্পৰ্কে কৰিছিল আলোচনা। মাক তিৰোতা মানুহ, বাহিৰৰ খা-খবৰ নাজানে বৰকৈ। দেউতাকে কৈছিল ল’ৰা দুটাক কলকাতালৈ পঢ়িবলৈ নপঠায়। এণ্ট্ৰেন্স পাছ কৰাৰ পিছত গুৱাহাটীতে পঢ়ুৱাব। তেতিয়া আছিল ১৯০১ চন। কোলাৰ পোনাটোক চুমা এটা খাই গৃহস্থৰ মুখলৈ চাই মাকে সুধিলে—‘আপুনি কিয় গুৱাহাটীত পঢ়া নাছিল?’ পঢ়া নাছিল, কাৰণ তেওঁৰ দিনত উচ্চ শিক্ষাৰ কোনো ব্যৱস্থা নাছিল অসমত। সেই বছৰেই গুৱাহাটীত কটন কলেজৰ শুভাৰম্ভ হৈছিল, শুনি মাকেও বৰ ভাল পালে। কলকাতা বহু দূৰ। স্বামীৰ লগত গোৱালন্দ হৈ তেওঁ এবাৰ কলকাতালৈ গৈছিল বৈদ্যনাথধামলৈ যোৱাৰ পথত, ইমান দূৰলৈ পুতেকহঁতক পঠাই তেওঁ থাকিব কেনেকৈ? গুৱাহাটীও ওচৰ নহয়, কিন্তু কলকাতাতকৈ ওচৰ। তদুপৰি ধুবুৰীৰ জাহাজঘাটত উঠিলে পোনে পোনে গৈ গুৱাহাটী পাব পাৰি।

 এইবোৰ কথা ভাবি থাকোতে আবুৰ মনত পৰিল জমিদাৰ পৰিয়াল এটাৰ সৈতে কলকাতালৈ যোৱাৰ কথা। গোৱালপাৰাৰ অধিকাংশ জমিদাৰ পৰিয়ালৰ কলকাতাত একোটাকৈ ঘৰ আছিল। এতিয়াও অনেকৰ আছে। আবুহঁতৰ সহযাত্ৰী জমিদাৰনীয়ে নিজৰ বাৰীৰ সতেজ শাক-পাচলি টুকুৰী এটাত ভৰাই কোনোবা চিনাকি মানুহৰ বাবে লৈ গৈছিল। জাহাজতে নে ট্ৰেইনতে জানো উঠিছিল এযোৰা চাহাব আৰু মেম। তেতিয়া বগা ছালৰ মানুহ মাত্ৰেই আমাৰ প্ৰভু, সকলোৱে সমীহ কৰি চলে। টুকুৰী এটাত শাক-পাচলি দেখিলে প্ৰভূসকলে পাছে এওঁলোকক অসভ্য জংঘলী বুলি ভাবে সেই আতংকত জমিদাৰনীয়ে লৰালৰিকৈ বাকচৰ পৰা গোটেই গাত বন কৰা ৰঙা বেনাৰচী শাৰী এখন উলিয়াই টুকুৰীটো ঢাকি দিলে। এইদৰে সন্মান ৰক্ষা হ’ল। আমাৰ বাল্য কালত আবুৰ মুখে এইবোৰ কাহিনী শুনিবলৈ বৰ ভাল পাইছিলো। চাহাব-মেমক ইমান ওচৰৰ পৰা দেখা বাবে আবুক ভাগ্যৱতী বুলি ভাবিছিলো। আজিও বহু ভাৰতীয়ই এওঁলোকক দেখিলে জীৱন ধন্য হোৱা যেন পায়।

 এটা ঘটনাৰ কথা উলিয়ালে গছৰ পোখা মেলাদি ওলাই আহে আন এটা ঘটনা। আমি কিশোৰ-কিশোৰী কাজিনবোৰ ধুবুৰীৰ ঘৰৰ কিবা এটা উৎসৱ উপলক্ষে একেলগ হৈছিলো। কৈশোৰৰ দিনবোৰ সঁচাকৈয়ে সোণালী। চিন্তা-ভাবনা-দায়িত্ব একো নাই। স্কুল বন্ধ থাকিলে পৰীক্ষাৰ চিন্তাও নাই। বন্ধৰ দিনবোৰত ডেউকা লগাই উৰি ফুৰাই একমাত্ৰ কাম। যিয়েই নহওক, আমি ল’ৰা-ছোৱালীজাকে ভিতৰ চোতালত খেলি আছিলো, এনেতে কিবা কাৰণে মই আগ চোতাললৈ আহোতে দেখিলো ঘৰৰ আগেদি গৈ আছে আঠজনমান মেম আৰু চাহাব। য’ত এজনকে দেখা পোৱা টান, তাত আঠজন, এনে বিৰল দৃশ্য অকলে জানো উপভোগ কৰা যায়? মই একেবাৰে মিছাইলৰ গতিত ভিতৰলৈ গৈ মেমহঁতক চাবলৈ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /২৩