পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আছে। এওঁলোকৰ বিষয়ে মোৰ ‘নীল আকাশৰ তলত' নামৰ কিতাপখনত লিখিছো।

 পুনেবাসৰ ৯ টা বছৰ আছিল মোৰ জীৱনৰ শ্ৰেষ্ঠ সময়। এই সময়খিনিতে বৌদ্ধিক আৰু মানসিক দিশৰ পৰা মই যথেষ্ট পুৰঠ হ’বলৈ সুযোগ পাইছিলো। কৰ্মসংস্কৃতি কাক বোলে হৃদয়ংগম কৰিব পাৰিছিলো, নিজৰ দুখ-কষ্ট-অনুভূতিক পুৰাপুৰিকৈ জয় কৰিব পৰা নাই যদিও তাকে কৰিবলৈ মনত জোৰ বিচাৰি পাইছিলো। অনুভূতিক সম্পূৰ্ণ জয় কৰিব নোৱাৰাৰ বাবেই ১৯৭৩ চনত গৃহস্থই ৰাছিয়াৰ পৰা ঘূৰি অহাৰ পাছতে কলকাতা অভিমুখে যাত্ৰা কৰাৰ সময়ত মোৰ সমগ্ৰ সত্ত্বাক বিষাদে আৱৰি ধৰিছিল।

২০০ / জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি