পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চেমিনাৰত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। মোৰ মনৰ তেতিয়া দোদুল্যমান অৱস্থা। নিজৰ কেৰিয়াৰ গঢ়িবলৈ আগবাঢ়িম নে সেই বছৰ স্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ সাজু হোৱা পুত্ৰৰ ভৱিষ্যতলৈ চাম। দুদিনীয়া চেমিনাৰ এখনত অংশগ্ৰহণ কৰিবলৈ অহা-যোৱাকে লৈ এটা সপ্তাহৰ প্ৰয়োজন। কিন্তু তাৰ বাবে উন্নতমানৰ গৱেষণাপত্ৰ এখন লিখা আৰু পাছপৰ্ট-ভিছা আদি কৰাবলৈ বহু সময়ৰ প্ৰয়োজন। পুত্ৰৰ গৃহশিক্ষক আছিলো মই। আমাৰ গৃহস্থক দিনটো কিতাপতে বুৰ গৈ থকা দেখিলো আজীৱন। গতিকে তেৱোঁ মোৰ ওপৰত একপ্ৰকাৰ নিৰ্ভৰশীল। সকলো দিশ চিন্তা কৰি মই নিজৰ কথা ভাবিবলৈ এৰিলো। তাৰ বাবে মোৰ কোনো খেদ নাই। যাৰ পৰীক্ষাৰ বাবে মই এটা ডাঙৰ সুযোগৰ পৰা নিজকে বঞ্চিত কৰিলো সি অৰ্থাৎ পুত্ৰই মই আশা কৰাতকৈও অধিক সাফল্য লাভ কৰিছে। মই বিজ্ঞানী হ’ব নোৱাৰিলো, সি হৈছে। মই আমেৰিকাৰ লেবৰেটৰীত কাম কৰিব নোৱাৰিলো, সি তাতেই আৱিস্কাৰৰ আনন্দ লভি আছে। আন এটা সত্য কোনোবাই স্বীকাৰ কৰক নকৰক, মই ডাঠিকৈ ক’ব পাৰো আমাৰ গৃহস্থক ঘৰৰ ভিতৰে বাহিৰে সকলো দায়-দায়িত্বৰ পৰা মুক্ত কৰি দিয়া বাবে তেওঁ নিজৰ বিষয়ত অখণ্ড মনযোগ দিব পাৰিছে।

 পুনেত এটা সুসংস্কৃত পৰিমণ্ডলত বিদ্বৎ সমাজত বাস কৰাৰ সৌভাগ্য ঘটিছিল আমাৰ। কেইবাগৰাকী দাৰ্শনিক, পণ্ডিত, সমাজ সংস্কাৰক, বুদ্ধিজীৱী মনীষীৰ জীৱন যাত্ৰাৰ পদ্ধতি তথা মনক কণ্ট্ৰল কৰাৰ অসাধাৰণ শক্তি দেখি কেতিয়াবা ধাৰণা হৈছিল এওঁলোক আবেগ-অনুভূতিহীন যুক্তিনিৰ্ভৰ অতি মানৱ। প্ৰফেচাৰ ডি আৰ গাড়গিল আমাৰ পুনে বাসৰ সময়ত আছিল যোজনা আয়োগৰ উপাধ্যক্ষ। তেওঁ দিল্লীত আয়োগৰ সভা এখনত ব্যস্ত হৈ থকাৰ সময়তে বাতৰি পালে তেওঁৰ একমাত্ৰ জীয়েক ড° সুলভা ব্ৰাহমেৰ স্বামী গুৰুতৰভাৱে অসুস্থ হৈ মুম্বাই হাস্পতালত চিকিৎসাধীন হৈ আছে। কোন হাস্পতালত আছে কোন ডাক্তৰে চিকিৎসা কৰি আছে ইত্যাদি দুটামান প্ৰশ্ন কৰি তেওঁ সভাৰ কামত মনযোগ দিলে। মুখত অলপো হেনো দুশ্চিন্তাৰ ছাঁ দেখা নগ’ল। আচলতে জোঁৱায়েক ঢুকাইছিল, হঠাতে এনে দুঃসংবাদটো নিদি গুৰুতৰভাৱে অসুস্থ বুলি কোৱা হ’ল। উপায়হীন হৈ অলপ সময় পাছত তেওঁক প্ৰকৃত খবৰটো দিয়া হ’ল। তেওঁৰ মুখত হেনো কোনো ভাবান্তৰ নেদেখিলে। মাত্ৰ কৈছিল জৰুৰী সভাখনৰ কামখিনি শেষ কৰি তেওঁ যাব। মনৰ ওপৰত তেওঁৰ অসাধাৰণ কণ্ট্ৰল দেখি মানুহ আচৰিত। যি কি নহওক, সভাৰ কাম সূচাৰুৰূপে শেষ কৰি পত্নীৰে সৈতে তেওঁ মুম্বাইলৈ আহিল। মোৰ যিমানদূৰ মনত পৰে সিদিনা আছিল বৃহস্পতিবাৰ। জোঁৱায়েকৰ মৃতদেহ সৎকাৰ কৰি শুকুৰবাৰে তেওঁলোক জীয়েক সহিতে পুনেলৈ আহে। সুলভা ব্ৰাহমে গোখলে ইনষ্টিটিউটৰ ৰীডাৰ আছিল তেতিয়া আৰু গাদগীল সেই প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সঞ্চালক। স্বাভাৱিকতে এনে দুঃসময়ত শোকসন্তপ্ত পৰিয়ালটোৰ কাষত থিয় দিবলৈ পুনে ষ্টেচনলৈ গৈছিল সুলভাৰ কেইবাগৰাকী সহকৰ্মী। তাৰে এজনে উভতি আহি কৈছিল যে এওঁলোককে বোধকৰো কোৱা হয় স্থিতপ্ৰজ্ঞ ব্যক্তি। শনি-দেওবাৰৰ পাছত যথাৰীতি সুলভা কামলৈ আহিছিল। শোক তেওঁলোকৰ নিশ্চয় হৈছিল কিন্তু মানুহৰ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৯৭