পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মনত পেলাই দিলে। বুজিলো এয়েই সেই আচৰিত বস্তু।

 ৰবি-শশীয়ে সিদ্ধান্ত লৈছিল দেখাত হুবহু একে MZ যঁজা তেওঁলোকে বিয়া কৰাব। আনহাতে জাতি-বৰ্ণ-ভাষাও একে হ’ব লাগিব। সহজতে তেওঁলোকৰ মনৰ ইচ্ছা পূৰণ হোৱা সম্ভৱপৰ নহ’ব বুলি জানি বাতৰি কাকতত বিজ্ঞাপন দিলে। সিফালে মুম্বাইত প্ৰসিদ্ধ ডাক্তৰ এজনৰ MZ যঁজা দুজনীয়ে আশা কৰিছিল MZ যঁজা বিয়া কৰাব। বিজ্ঞাপন পাই ডাক্তৰে ৰবি-শশীৰ দেউতাকৰ লগত যোগাযোগ কৰাৰ পাছত একেদিনাই একে ৰভাৰ তলত দুযোৰ যঁজাৰ বিয়া হ’ল। সেই বিয়ালৈ হেনো অনিমন্ত্ৰিত বহু মানুহ আহিছিল। আজিৰ যুগত হোৱা হ’লে টিভি কেমেৰাৰ উৎপাতত পুৰোহিতে বিয়া সু-সম্পন্ন কৰাত বাধা পালেহেঁতেন নিশ্চয়। একেদৰে পুনেত দৰাহঁতৰ ঘৰৰ পদুলি মুখত, আলিবাটত মানুহৰ ভিৰ ইমানে জমিছিল যে ট্ৰেফিক কণ্ট্ৰল কৰিবলৈ পুলিচৰ সহায় ল’বলগীয়া হৈছিল হেনো। এনে এক অত্যাশ্চৰ্য বিয়া দেখি পুলিচেও নিজৰ কৰ্তব্য কৰিবলৈ পাহৰি গৈছিল। এতিয়াও চাৰিও ক’ৰবালৈ একেলগে গ’লে বাটৰ মানুহে উভতি উভতি চায়।

 যঁজাসকলক লৈ প্ৰায়ে মজাৰ মজাৰ ঘটনা ঘটিছিল। যি কি নহওক, মোৰ গৱেষণাৰ বিষয়টোৰ লক্ষ্যত উপনীত হ’বলৈ Twin Study ৰ উপৰি Family আৰু Population Study কৰিবলগীয়া হৈছিলো। কাৰণ যঁজা অধ্যয়ন কৰি মই বাছি লোৱা মানুহৰ চৈধ্যটা বৈশিষ্ট্যৰ আঁৰত পৰিবেশ আৰু জিনৰ যিটো পৰিমাণে অৱদান পোৱা গ’ল সেই একেটা পৰিমাণ পৰিয়াল আৰু জনসাধাৰণৰ মাজতো পোৱা যায় নে নাই চাব লাগিব। তাকে কৰিবলৈ বিশদভাৱে ষ্টেটিছটিকেল বিশ্লেষণৰ প্ৰয়োজন হৈছিল। এইখিনি কৰোতে মোক কলকাতাৰ ষ্টেটিছটিকেল ইনষ্টিটিউটৰ ড° পাৰ্থ প্ৰতীম মজুমদাৰে বৰ সহায় কৰিছিল। আজি সেইগৰাকী পাৰ্থ এজন খ্যাতনামা অধ্যাপক। ন্যূনতম দুটা সন্তান থকা পুনেৰ চাৰিশ চিতপাৱন ব্ৰাহ্মণ পৰিয়াল আৰু এহেজাৰ অনাত্মীয় ব্যক্তিক নিৰ্বাচন কৰা হৈছিল পৰিয়াল আৰু জনসাধাৰণ অধ্যয়ন কৰিবলৈ।

 ক্ষেত্ৰ অধ্যয়ন আৰু তথ্য-পাতিৰ আধামান বিশ্লেষণ কৰাৰ পাছত কলকাতাৰ ‘চেণ্টাৰ ফৰ ষ্টাডিজ ইন চোছিয়েল ছায়েন্স’ নামৰ গৱেষণা প্ৰতিষ্ঠানটোত অধ্যাপক হিচাপে গৃহস্থই নিযুক্তি পোৱাত আমি পুনে এৰিব লগা হ’লো। মোৰ গৱেষণাৰ কাম সম্পূৰ্ণ নোহোৱাকৈ যাবলগীয়া হৈছিলো যদিও প্ৰকাৰান্তৰে মোক গোৰ মাৰি গংগাত পেলোৱা যেন হৈছিল। কাৰণ মোৰ নতুন গাইড ড° কে চি মালহোত্ৰাই কলকাতাৰ ‘ইণ্ডিয়ান ষ্টেটিছটিকেল ইনষ্টিটিউট’ত ইতিমধ্যে যোগ দিছিল। তদুপৰি মোৰ তথ্য-পাতিৰ ষ্টেটিছটিকেল বিশ্লেষণ কৰিবলৈ এখন আগশাৰীৰ প্ৰতিষ্ঠানত প্ৰৱেশ কৰিবলৈ সুযোগ পাইছিলো।

 কেতিয়াবা ভাবিলে দুখ লাগে যে ইমান মূল্যৱান বিষয় এটাত গৱেষণা কৰি কেৱল পি এইচ ডি ডিগ্ৰীটো লোৱাত বাহিৰে আন একোকে নকৰিলো। মোৰ থিচিচখন পৰীক্ষা কৰা পৰীক্ষকগৰাকীয়ে থিচিচখনৰ বিষয় নিৰ্বাচন, বিশ্লেষণ পদ্ধতি আৰু উপস্থাপন আদি উন্নতমানৰ হোৱা বুলি ড° মালহোত্ৰালৈ চিঠি লিখিছিল। নিখুঁত ফলাফল উলিয়াব পৰা বাবে প্ৰশংসা কৰিছিল। মোক American Twin Society ৰ সদস্য পাতি ১৯৭৮ চনত হ’বলগীয়া

১৯৬/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি