পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এই কথা সৰ্বজবিদিত যে ইংৰাজসকল অসমলৈ অহাৰ সময়ত কাম-কাজ চলাবলৈ বংগৰ পৰা আনিছিল ইংৰাজী জনা মানুহ। গোৱালপাৰাৰ জমিদাৰীও পৰিচালনা কৰিছিল বংগভাষীসকলে। আমাৰ আতাই আছিল প্ৰথম স্থানীয় ব্যক্তি, যিয়ে এষ্টেট পৰিচালনাৰ কামত নিযুক্তি পাইছিল। ফলত তেওঁ ৰোষত পৰিছিল সেইসকল ব্যক্তিৰ। বাটৰ কাঁইট আঁতৰাব পাৰিলে এচামৰ যে স্বাৰ্থসিদ্ধি হয়। এইসকল ব্যক্তিয়ে যে তেওঁক আঁতৰাবলৈ নানাভাৱে বহু দিনৰ পৰা চেষ্টা কৰিছিল ঘটনাটো ঘটি যোৱাৰ পিছতহে আবুৱে বুজি পাইছিল। আজিৰে পৰা এশ বছৰৰো আগতে আমাৰ ধুবুৰীৰ ঘৰৰ সন্মুখেদি বৈ গৈছিল ব্ৰহ্মপুত্ৰ। আমিও সৰুতে ব্ৰহ্মপুত্ৰৰ ক্ষীণকায় সুঁতি এটা দেখিছো। আজি সেই ব্ৰহ্মপুত্ৰ বহু দূৰলৈ আঁতৰি গৈছে। সি যি কি নহওক দলটোৱে হেনো আতাক ঘৰৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ পানীত এটা হাৱামহল সাজিবলৈ কৈছিল। হাৱামহলটো হ’ল বামৰ ফালে পানীত এখন ওখ আহল-বহল বেৰহীন প্লেটফৰ্ম, যাৰ ওপৰত থাকিব এখন চাল। গৰমৰ দিনত বহি তেওঁলোকে আড্ডা মাৰিব ব্ৰহ্মপুত্ৰৰ হাৱা খাই খাই। বোধকৰো তেওঁলোকে ভাবিছিল তাতে হত্যা কৰি মৃতদেহটো পানীত পেলাই দিব। ঘৰলৈ আহি কোনে ক’ত শোৱে, কেইবজাত শোৱে ইত্যাদি বহু বা-বাতৰিও লৈ গৈছিল। ঘটনাৰ দিনা পালেঙৰ তলত সোমাই আছিল সৰুফুটীয়া মানুহ এজন। শুনিছো ঢাকাৰ পৰা আনিছিল প্ৰফেশ্যনেল হত্যাকাৰী এজনক। মাজনিশা দুৱাৰত টোকৰ শুনি লুকাই থকাজনে দুৱাৰখন খুলি দিছিল। আমি আতাৰ কাজিনসকলক সুধিছিলো কেনেকৈ তেওঁলোকে গম পালে যে পালেঙৰ তলত কোনোবা আছিল আৰু আততায়ীজন ঢাকাৰ। পালেঙৰ তলত হেনো ভৰিৰ ছাপ পাইছিল পুলিচে। হত্যাকাৰীজন এই কামত আছিল এক্সপাৰ্ট। কিয়নো দেহৰ এটা বিশেষ অংশত জোঙা অস্ত্ৰ সুমুৱাই মানুহজনক হত্যা কৰা হৈছিল। সেই ফুটাটোৰে হেনো ফোঁৱাৰাৰ দৰে তেজ ওলাই চিলিংখন, বেৰবোৰ তেজেৰে কৰিছিল ৰাঙলী। বিশেষজ্ঞ নহ'লে কোনেও ইমান সূক্ষ্মভাৱে মানুহ মাৰিব নোৱাৰে। সেই সময়ত এটা জনশ্ৰুতি আছিল যে এনেবোৰ বিশেষজ্ঞ হত্যাকাৰী ঢাকা অঞ্চলত পোৱা গৈছিল।

 বিচাৰত পিছে কাকো দোষী সাব্যস্ত কৰিব পৰা নগ'ল। তেতিয়াৰ দিনত বিচাৰকসকল আছিল ব্ৰিটিছ। বিচাৰকগৰাকীয়ে হেনো আদালততে কৈছিল যে তেওঁলোকে অপৰাধীক শাস্তি দিব নোৱাৰিলে, কিন্তু ঈশ্বৰে নিশ্চয় দিব। আজি বিচাৰ ব্যৱস্থা উন্নত হোৱা সত্ত্বেও অপৰাধীক বিচাৰি উলিয়াব নোৱাৰে বহু ক্ষেত্ৰত। আতাৰ মোকৰ্দমা চলাবলৈ উপযুক্ত মানুহো পৰিয়ালটোত নাছিল। আমাৰ দেউতাই আক্ষেপ কৰি কৈছিল তেওঁ ডাঙৰ হোৱা হ’লে ইমান সহজতে এৰি নিদিলেহেঁতেন।

 আইনে বিচাৰি উলিয়াব নোৱাৰিলেও সৰু ঠাইখনৰ প্ৰায় সকলোৱে জানিছিল অপৰাধীসকল কোন। এওঁলোকৰ নাম কালক্ৰমে আমি শুনিছো। মানুহে কোৱা শুনিছো পাপৰ ফলত তথাকথিত অপৰাধী পৰিয়াল এটাৰ কেইবাজনো সদস্যই হেনো ৰাজ যক্ষ্মা ৰোগত ভুগি অকাল মৃত্যুমুখত পৰিছে। আন এটা পৰিয়ালত প্ৰৱেশ কৰিছিল কুষ্ঠৰোগে। সেই যুগত এই দুয়োটা ৰোগৰ কোনো চিকিৎসা নাছিল। পাপ-পূণ্য মই বিশ্বাস নকৰো। কথাষাৰ মানুহে

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৯