পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 নাৰানদিয়া গাঁৱৰ স্কুলখন উন্নতমানৰ নোহোৱা বাবে গৌড় সুন্দৰে পুতেকসকলক দূৰৈৰ ভাল স্কুললৈ পঢ়িবলৈ পঠায়। গাৰো পাহাৰৰ সীমাৰ পৰা বাৰ মাইল দক্ষিণৰ ফালে শ্বেৰপুৰৰ জমিদাৰে উন্নত মানৰ এখন স্কুল প্ৰতিষ্ঠা কৰিছিল। যামিনী সুন্দৰে ভাওৱাল ৰাজ্যৰ হাবি পাৰ হৈ চল্লিশ মাইল পথ খোজকাঢ়ি গৈ শ্বেৰপুৰ স্কুলত নাম লগায়। তেওঁৰ লগত গৈছিল সংগী হিচাপে লক্ষণ কাকা। লক্ষণ কাকা, মুক্তাপেহী আদি সাহায্যকাৰীসকলে মালিকৰ ঘৰতে থাকি কাম-বন কৰিছিল। এওঁলোককে বোধকৰো কোৱা হয় ক্ৰীতদাস। পিছে ঘৰৰ ল’ৰা-ছোৱালীয়ে তেওঁলোকক কাকা (খুৰা), পেহী আদি সন্মানজনক শব্দেৰে সম্বোধন কৰিছিল বুলি জানি ধাৰণা হয় তেওঁলোকক ক্ৰীতদাস হিচাপে গণ্য কৰা হোৱা নাছিল। যামিনী সুন্দৰে স্কুলৰ শিক্ষা সমাপ্ত কৰি ঢাকা আৰু কোচবিহাৰ কলেজত পঢ়া-শুনা কৰে। তেওঁ বৰ চোকা আছিল আৰু কবিতাও লিখিছিল। তেওঁলোকৰ ঘৰত হাতে লিখা পদ্মপুৰাণ এখন থকা বুলি শুনিছিলো।

 পঢ়া-শুনা শেষ হোৱাৰ পাছত লাগিল চাকৰি। সেই সময়ত বংগত আৰম্ভ হৈছিল স্বদেশী আন্দোলন। ইতিমধ্যে গুহ পৰিয়ালৰ চিনাকি নগৰবাৰীৰ গিৰিশ বোসে মণিপুৰৰ গড়কাপ্তানি বিভাগত ওভাৰ্চিয়াৰ পদত নিযুক্তি পাইছিল। তেওঁৰ আহ্বানত যামিনী সুন্দৰে কুৰি শতিকাৰ আৰম্ভণিতে জীৱিকাৰ সন্ধানত মণিপুৰলৈ যাত্ৰা কৰিলে। গৌড় সুন্দৰ আৰু তেওঁৰ ভায়েক ব্ৰজ সুন্দৰৰ পুত্ৰসকলে চাকৰিৰ সন্ধানত এজন এজনকৈ জন্মস্থান এৰিলেও ঘাই শিপাডাল তাতেই থাকিল। সমূলে উৎপাটিত হৈছিল ১৯৪৭ চনৰ ১৫ আগষ্টত দ্বিখণ্ডিত হৈ ভাৰত স্বাধীন হোৱাৰ সময়ত। গুহ পৰিয়ালৰ জন্মভূমি পাকিস্তানৰ অন্তৰ্ভুক্ত হ’ল। পৰিয়ালটোৰ উত্তৰপুৰুষসকল বৰ্তমানে বিভিন্ন ঠাইত, আনকি ভাৰতৰ বাহিৰতো সিঁচৰতি হৈ আছে। নানা জাতি, নানা ভাষী পৰিয়ালৰে বৈবাহিক সম্পৰ্ক স্থাপন কৰাৰ ফলত গুহ পৰিয়ালটোৱে কুলীনত্ব বিসৰ্জন দি ভগ্নকুলীনত পৰিণত হৈছে। এওঁলোকে এতিয়াও সমমৰ্যাদাৰ ঘোষ, বোস, মিত্ৰৰ সৈতে বৈবাহিক সম্পৰ্ক পাতিব পাৰিলে সন্তুষ্টি লাভ কৰে।

 শাহু আই জ্ঞানদা সুন্দৰী টাংগাইল জিলাৰ কৰাইল গাঁৱৰ গোবিন্দবন্ধু ঘোষৰ একমাত্ৰ সন্তান। তেওঁৰ আজো আইতাক (মাকৰ ফালৰ) চন্দ্ৰপ্ৰভা চৌধুৰাণী আছিল অৱস্থাপন্ন জমিদাৰৰ গৃহিণী। পূৰ্ববংগৰ হ’লেও তেওঁলোকৰ জমিদাৰী চিলেটলৈকে বিস্তৃত আছিল। একেজনী জীয়ৰী শশী সুন্দৰীৰ জন্মৰ পিছত অকালতে চন্দ্ৰপ্ৰভাই বৈধব্যক আকোঁৱালি ল’বলগীয়া হয়। তেতিয়াৰ যুগৰ নিয়মমতে পুত্ৰ-সন্তানেহে পিতৃৰ সম্পত্তি পায় উত্তৰাধিকাৰী সূত্ৰে। পুত্ৰ নাথাকিলে ভায়েক-ককায়েকেই হয় সেই সম্পত্তিৰ গৰাকী। বিনিময়ত তেওঁলোকৰ ওপৰত বৰ্তায় মৃত ব্যক্তিগৰাকীৰ বিধবা পত্নী আৰু কন্যা সন্তানসকলৰ ভৰণপোষণৰ দায়িত্ব। চন্দ্ৰপ্ৰভা আৰু তেওঁৰ জীয়েকৰো সেই গতি হ’ল। পিছে চন্দ্ৰপ্ৰভাৰ প্ৰভা আছিল সূৰ্যৰ দৰে। জমিদাৰণী হিচাপে আছিল তেওঁৰ ঘোৰ প্ৰতিপত্তি। তেওঁ জমিদাৰীৰ দাবী জনাই আদালতত গোচৰ ৰুজু কৰিলে। গোচৰ নিষ্পত্তি নোহোৱালৈকে তেওঁৰ দেওৰেকেও জমিদাৰীখন নাপায়। গতিকে নবৌয়েকক মাহিলি শকত পেন্সন এটা আগবঢ়াই আপোচ

১৪৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি