পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চকিদাৰক ভেটী দি গোচৰ পৰ্যন্ত তৰিছিল। কেৱল কটন কলেজৰ ছাত্ৰীৰ বিৰুদ্ধেই নহয়, সন্দিকৈ কলেজৰ ছাত্ৰীকো লগত সাঙুৰিছিল। তাতোকৈ আচৰিত কথা কলেজৰ উচ্চ আসনত অধিষ্ঠিত এজন ব্যক্তিয়ে চকিদাৰৰ কথাকে বিশ্বাসযোগ্য বুলি ধৰি লৈছিল। পিছে বিচাৰ-বুদ্ধিসম্পন্ন ব্যক্তি নথকা নহয়। তেওঁৰ হস্তক্ষেপত চকিদাৰে ভেটী খোৱা কথাষাৰ ওলাই পৰে। মোৰ দীঘলীয়া জীৱনটোৰ অভিজ্ঞতাৰ ভিত্তিত ডাঠিকৈ ক'ব পাৰো যে পুথিগত বিদ্যা অৰ্জন কৰি শিক্ষাজগতৰ ইতিহাসত সোণালী আখৰেৰে নিজৰ নামটো জিলিকাই তোলা ব্যক্তিও মানসিকতাৰ ফালৰ পৰা হ’ব পাৰে নিকৃষ্টতম। নামৰ আগে পিছে দীঘল দীঘল ডিগ্ৰী লগালেই মানুহ প্ৰকৃতাৰ্থত শিক্ষিত, সংস্কৃতিবান হ’ব নোৱাৰে। আশাৰ কথা, আজিৰ শিক্ষিতসকলৰ মাজত বিবেকশূন্য, যুক্তিহীন আৰু ৰক্ষণশীলৰ সংখ্যা কমি আহিছে।


ফুচুৰি গোসাই

আমাৰ সহপাঠীসকলৰ ভিতৰৰ অনেকেই পৰৱৰ্তী জীৱনত সুপ্ৰতিষ্ঠিত হৈছে। তাৰে কেইগৰাকীমানৰ সৈতে আজিও যোগাযোগ ৰক্ষা কৰি আছো। ইতিমধ্যে চিৰদিনৰ বাবে আঁতৰি গৈছে কেইবাজনো। আমিও লাইনত থিয় দি আছো। যিজনলৈ মনত পৰিলে দুখতো হাঁহি উঠে তেওঁ হ’ল মহম্মদ নৰেন্দ্ৰ নাথ গোস্বামী। নামটো শুনি পাঠক হয়তো চক খাই উঠিব। গোস্বামী কেতিয়াবা মহম্মদ হয় নে? হয়। শুৱালকুছিৰ পৰা অহা এই ছাত্ৰজনে কলেজৰ প্ৰথম দুটা বছৰ সকলোকে নিৰ্মল আনন্দৰ যোগান ধৰিছিল। এনে ৰসজ্ঞ আৰু মন্তব্য দিয়াত পাকৈত আছিল যে ক্লাছৰ ছাত্ৰ-ছাত্ৰী সকলোৰে তেওঁ প্ৰিয় হৈ উঠিছিল। আনকি ছাৰহঁতেও তেওঁক দেখিলে মিচিকিয়াই হাঁহিছিল। তেওঁ জনাজাত আছিল ‘ফুচুৰি গোসাই’ নামেৰে। গোসাইৰ কথা কোৱাৰ ধৰণ, মুখৰ অভিব্যক্তি, চাল-চলন দেখিলে অসমীয়া বৈশিষ্ট্য অক্ষুণ্ণ ৰখা এগৰাকী চাৰ্লি চেপলিন যেন লাগিছিল।কৌতুকাভিনেতা হ’লে তেওঁ বিখ্যাত হ’ব পাৰিলেহেঁতেন। পিছে তেওঁ যোগ দিছিল ৰেলসেৱাত। মহম্মদ নৰেন্দ্ৰ নাথ গোস্বামী তেওঁ কেনেকৈ হ’ল কওঁ। খুহুটিয়া কথা কৈ আমাক হঁহুৱাবলৈ তেওঁ প্ৰায়ে বহিছিল ছাত্ৰীৰ বাবে সংৰক্ষিত আসনৰ পিছফালে। এদিন পেনপেনাই বক্তৃতা দি থকা অধ্যাপক এজনৰ ক্লাছত ব’ৰ হৈ পেন্সিলেৰে মানুহ এজনৰ মুখ আঁকি আছিলো। গোসায়ে লাহেকৈ কৈ উঠিছিল— ‘হেঃ মানুহজন দেখাত দেখোন নৰেন্দ্ৰ নাথ গোস্বামী হেন হৈছি’। তুলতুলে লাহেকৈ মানুহটোৰ মূৰত ফেজ টুপি আৰু থুতৰিত দীঘলীয়া ডাঢ়ি আঁকি দিছিল। এখন্তেকো পলম নকৰি গোসায়ে কৈ উঠিছিল— ‘মহম্মদ নৰেন্দ্ৰ নাথ গোস্বামী’। আমি কোনোমতে হাঁহি কণ্ট্ৰল কৰিছিলো সিদিনা।

 এদিন আমাৰ ক্লাছৰ ‘চি’ চেকচনৰ ছোৱালী এজনীক তাইৰ আগৰে চিনাকি সহপাঠী ল’ৰা এজনে জোকোৱা বাবে তাই ল’ৰাটোক চেণ্ডেলেৰে কোবোৱাত আটাইকেইটা চেকচনৰ ছাত্ৰসকলে জাঙুৰ খাই উঠি শ্ৰেণী বৰ্জন কৰিছিল। যথাৰীতি আমি ছাত্ৰীসকল ক্লাছত

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১১৭