পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেউতাক দেখাততো ধুনীয়া নাছিল, কোন ছোৱালীনো তেওঁৰ প্ৰেমত পৰিছিল। মই কৈছিলো ছোৱালীজনীয়ে সম্ভবতঃ বাহিৰা ৰূপতকৈ মস্তিষ্কৰ প্ৰতিভাক বেছি মূল্য দিছিল।

 কেমেষ্টিৰ অধ্যাপক যদুলাল মুখাৰ্জী আছিল এগৰাকী নিষ্ঠাবান গৱেষক অধ্যাপক। তেতিয়াৰ দিনত আজিৰ দৰে গৱেষণাৰ সা-সুবিধা নথকা সত্ত্বেও অক্লান্তভাবে প্ৰতিকূল পৰিবেশত কাম কৰি গৈছিল। পোছাকৰ প্ৰতি আছিল তেওঁ উদাসীন। পেণ্টৰ তলৰ ফোল্ডাৰটোৰ ফাটি ছিঙি অহা অংশটো যে চোচৰাই লৈ গৈ থাকিছিল সেই বিষয়ে তেওঁ আছিল সম্পূৰ্ণ অজ্ঞ। গমেই নাপাইছিল যে ব্লেক ব'ৰ্ডখন হাতেৰে মোহাৰি সেই হাতখনেৰে মুখ মচাৰ ফলত চক মাটিৰ গুড়িৰে মুখখন ঢাক খাইছিল। আমি তেওঁৰ এই মূৰ্তি দেখি হাঁহি ৰখাইছিলো কোনোমতে।

 হঠাতে টেৰামাইছিন ছাৰ আহি উপস্থিত হৈছে মোৰ চকুৰ আগত। মানুহজন আছিল হোলাৰ ভাই মোলা স্বভাৱৰ। এদিন আমাৰ সহপাঠী দুজনমান স্ফূৰ্তিবাজ ল’ৰাই আড্ডা মাৰি থাকোতে ছাৰক ৰেডিমেড কাপোৰৰ দোকানত সোমোৱা দেখি তেওঁৰ পিছ ল’লে। উদ্দেশ্য তেওঁ নো কি কিনে চোৱাটো। ছাৰে তেতিয়া ছেলচমেনজনক তেওঁৰ জোখৰ এটা ‘টেৰামাইছিন’ চাৰ্ট দেখুৱাবলৈ কৈ আছিল। দোকানীৰ চকু কপালত উঠিল। তেওঁ ছাৰক ক'লে— ‘আপুনি বোধকৰো টেৰামাইছিন কেপচুল বিচাৰিছে, কাষৰ ফাৰ্মাচীখনত পাব।’ লাজত ৰঙা পৰি ওলাই আহিবৰ সময়ত দুষ্ট ল’ৰা দুটাক দেখি তেওঁ কোবাকুবিকৈ ওলাই গৈছিল। সেই সময়ত টেৰেলিনৰ চাৰ্ট হৈছিল জনপ্ৰিয়। পৰৱৰ্তী জীৱনত ময়ো এনে ধৰণৰ ভুল শব্দ ব্যৱহাৰ কৰি হাঁহিয়াতৰ পাত্ৰ হৈছিলো। সেইবোৰ কথা পাছলৈ থলো।

 ছাৰহঁতৰ নাম দিয়াত আমি আছিলো পাকৈত। কেমেষ্ট্ৰি ক্লাছত জোতা-মোজাৰ সৈতে চাৰ্টৰ ওপৰত চুৰিয়াখন পিন্ধি অহা ইন্দুবাবু ছাৰে যেতিয়া ‘ভল্যিউম’ বুলি কৈ মুখখন জপাই অলপ পৰ ৰৈ দিছিল তেতিয়া মুখ গহ্বৰত সোমোৱা এমোকোৰা বতাহে তেওঁৰ মুখৰ ভল্যিউমো বঢ়াইছিল। সেয়েহে তেওঁ আছিল আমাৰ মৰমৰ ভল্যিউম ছাৰ। ইংৰাজীৰ অধ্যাপক চন্দ্ৰ কলিতা ছাৰৰ নাম দিছিলো ‘এনচিয়েণ্ট মেৰিনাৰ’। কাৰণ এবছৰ জুৰি তেওঁ আমাক কলৰিজৰ ‘ৰাইম অব্ দ্য এনচিয়েণ্ট মেৰিনাৰ’ কবিতাটো পঢ়াইছিল। তেতিয়াৰ কটন কলেজত একমাত্ৰ কলিতা ছাৰৰে গাড়ী আছিল। সঁচা-মিছা নাজানো, আমাৰ সহপাঠীসকলে কৈছিল ছাৰে হেনো পুৱা উঠি হাল বাইছিল। এই প্ৰসংগত মনত পৰিছে দেউতালৈ। তেওঁ নিজে শিক্ষক নাছিল যদিও ল’ৰা-ছোৱালীক, বিশেষকৈ ইংৰাজী পঢ়াবলৈ ভাল পাইছিল। গৰমৰ বন্ধ আৰু পূজাৰ বন্ধত মই আই এছ চি (আজিৰ উচ্চ মাধ্যমিক) পঢ়ি থাকোতে তেওঁ ‘পাছিং অব্ আৰ্থাৰ’ কবিতাটো পঢ়াইছিল। মুঠতে কলেজত কলিতাছাৰে আৰু ঘৰত দেউতাই এই দুয়োটা দীঘলীয়া কবিতা দুবছৰ ধৰি পঢ়াইছিল। বি এছ চিত যিহেতু ইংৰাজী পঢ়িব নালাগে গতিকে কলেজীয়া জীৱনত মুঠ দুটা কবিতাই পঢ়িছিলো মনত থকাকৈ।

 বেলু (Value) ছাৰৰ আচল নামটোৱে পাহৰিলো। চিলেটি ভাষাক সমালোচনা নকৰি কওঁ, তেওঁলোকৰ জিভাত ‘ক’ আৰু ‘খ’, ‘প’ আৰু ‘ফ’, ‘গ’ আৰু ‘ঘ’, ‘ভ’ আৰু ‘ব’ৰ উচ্চাৰণত কোনো তাৰতম্য নাই। ছাৰে ভ্যেলুক বেলু কৈছিল বাবে তেওঁ আছিল বেলু ছাৰ।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১০৫