পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫)


১০

জহকালি জুৰ লওঁ
 শীতল পাটীত,
জাৰকালি বহোঁ দুয়ো
 ৰদ-কাঁচলিত।

১১

একে লগে বলমত *
 নাদুৰি সাঁতৰি
উঠি আহোঁ বুৰ মাৰি
 শেহত ভাগৰি।

১২

ভাবিছিলোঁ এই দৰে
 সুখে দিন যাব,
কদাপিতো ভাই-ভনী
 বিচ্ছেদ নহব।

১৩

কিন্তু হাঁয়! কালক নো
 কোনে পতিয়ায়,
আজি যাক দেখোঁ সুখী
 কালি কন্দুৱায়।


* বলম-এখন সৰু নৈৰ নাম।