পৃষ্ঠা:চিন্তা-কলি.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
চিন্তা-কলি।

উপগ্ৰহবিলাক ইয়াৰ বেলেগ বেলেগ অঙ্গ মাথোন। এই গোট বিশ্বৰ যি শৰীৰ তাত এটা গতি আছে। সেই গতিৰ গুণত তাতে নানাৰূপ পৰিবৰ্ত্তন হব লাগিছে। এই গতি বিশ্বগতি। আন আন শৰীৰৰ বা বস্তুৰ গতি শৰীৰ বা বস্তু লয় হলে, মূল গতিত, অৰ্থাৎ বিশ্ব-গতিত গোট খায়। স্বৰূপাৰ্থত গতি এটা, সেই গতি বিশ্বব্যাপী আছে। ভিন ভিন শৰীৰৰ গতি বিশ্বগতিৰ এটা ভাগ মাথোন। সেই ভাগ শৰীৰ বিশেষত বন্দী হৈ থাকে, পিচত শৰীৰ ধ্বংস হলে গতি উদ্ধাৰ হৈ মূল গতিৰ লগ লাগে। এটা টেকেলিত পানী ভৰাই পুখুৰীত পেলাই দিয়া। টেকেলিটো পুখুৰীৰ তলিত পৰি থাকিব, পানীখিনিও তাৰ ভিতৰত থাকিব। সেই টেকেলিৰ ভিতৰৰ পানী আৰু বাজত থকা পুখুৰীৰ পানী তেতিয়া ভিন ভিন হৈ থাকে। পিচত টেকেলিটো কিবা এডালেৰে খোঁচ মাৰি পানীৰ তলতে ভাঙি দিয়া, তেতিয়া টেকেলিৰ ভিতৰৰ পানী কলৈ যাব? পুখুৰীৰ পানীৰে সৈতে সেই পানী মিহলি হৈ নাযাব নে? পুখুৰীৰ অলপ পানী টেকেলিটোত বন্দী হৈ বা বন্ধ হৈ আছিল, টেকেলি ধ্বংস হলত সেই পানী উদ্ধাৰ হৈ মূল পানীত অৰ্থাৎ পুখুৰীৰ পানীত মিহলি হল। সেই দৰে শৰীৰত বন্দী হোৱা গতি বিশ্বব্যাপী গতিৰ মাজত বেলেগ হৈ বা পৰি থাকে, পিচত শৰীৰ লয় হলে সেই গতি গতি-সাগৰত মিহলি হৈ যায়।