পৃষ্ঠা:চিন্তা-কলি.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিন্তা-কলি

কৰি, কেৱল অমৃত ৰাজ্য বিস্তাৰ কৰা অসম্ভৱ। লোভ, মোহ, কাম, ক্ৰোধ আদি বৃত্তিবোৰ অসজ প্ৰবৃত্তিৰ আলু। এই আলু উভালি পেলোৱা অতিশয় দুষ্কৰ, আৰু সংসাৰ যাত্ৰীৰ পক্ষে নিতান্ত অনুচিত। যদিচ এই বৃত্তিবোৰ ৰিপু নামেৰে প্ৰখ্যাত, সংসাৰত সিহঁতৰ নিগূঢ় সকাম আছে, সকাম নাথাকিলে কদাপি সিহঁতৰ উদ্ভৱ নহলহেঁতেন। বিশ্বপতি পৰমেশ্বৰে বিশ্বত একপদো আলাগতীয়া বস্তু স্ৰজন কৰা নাই। সংসাৰ-সমৰত এই ৰিপুবোৰে মিত্ৰৰ পাল সাধে। শাসন কৰ্ম্মত ক্ৰোধৰ প্ৰয়োজন, আৰু আৰ্জ্জন কৰ্ম্মত লোভৰ প্ৰয়োজন হয়। এইদৰে বিবিধ কৰ্ম্মত সকলো বিধ বৃত্তিৰ প্ৰয়োজন আছে। সিহঁতক বিনাশ কৰিলে সেইসকল কৰ্ম্ম সাধিবলৈ অস্ত্ৰৰ অভাৱ হয়। সুকলমে জীৱন নিৰ্বাহ কৰিবলৈ যেনে হস্ত পদ আদি অঙ্গ- বোৰৰ প্ৰয়োজন, তেনে লোভ মোহ আদি বৃত্তিবোৰৰো প্ৰয়োজন। হস্ত, পদ শাৰীৰিক অঙ্গ, লোভ, মোহ মানসিক অঙ্গ, অৰ্থাৎ বৃত্ তি। পিচে কোনো সময়ত হাতে অযুগুত কৰি অপায় মিলালে, মানুহে হাত ছেদি নিহতুৱা নহয়। সেইদৰে কোনো এটা বৃত্তিয়ে অন্যায় কৰি আপদ আনিলে তাক নিৰ্ম্মূল কৰা উচিত নহয়। অসজ প্ৰবৃত্তি সম্বন্ধে যিৰূপ ব্যৱস্থা, গৰল প্ৰবাহ সম্বন্ধেও সেইৰূপ ব্যৱস্থা। সংসাৰ গৰল বিধাতাৰ সৃষ্ট বস্ তু। সি জল আৰু বায়ুৰ নিচিনা জগতৰ অবিনাশী উপকৰণ। গৰলেৰে সৈতে ৰিজাই নাচালে