এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৌৰাণিক নাট
গুৰু-দক্ষিণা
প্ৰথম মঞ্চ
⸺০⸺
প্ৰথম দৰ্শন
ৰাজ-আলি
⸺০⸺
শ্ৰীকৃষ্ণ আৰু বলৰাম
বল।-ভাইটি! তুমি এইদৰে মনমাৰি থাকিলে মই
মনত বৰ বেয়া পাওঁ। তোমাৰ মুখত বিষাদৰ
চিন দেখিলে মোৰ হৃদয়-আকাশ ভাৱনা-ডাৱৰে
ঢাকি পেলায়! মোৰ সোণাই, তুমি কি মন
মাৰি আছাঁ, ভাঙি কোৱাঁ।
কৃষ্ণ।-দদা ! কলে কি হব। মোৰ অন্তৰত বৰ
শোক সিদিনা ককাদেউতাৰ শৰাধৰ দিনাৰপৰা
মোৰ মন সম্পূৰ্ণ সলনি হৈছে।