সমললৈ যাওক

পৃষ্ঠা:গুৰুদক্ষিণা.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পৌৰাণিক নাট

গুৰু-দক্ষিণা

প্ৰথম অঙ্ক

⸺০⸺

প্ৰথম দৰ্শন

ৰাজ-আলি

⸺০⸺

শ্ৰীকৃষ্ণ আৰু বলৰাম

বল।—ভাইটি! তুমি এইদৰে মনমাৰি থাকিলে মই মনত বৰ বেয়া পাওঁ। তোমাৰ মুখত বিষাদৰ চিন দেখিলে মোৰ হৃদয়-আকাশ ভাৱনা-ডাৱৰে ঢাকি পেলায়! মোৰ সোণাই, তুমি কি মন মাৰি আছাঁ, ভাঙি কোৱাঁ।

কৃষ্ণ।-দদা! কলে কি হব? মোৰ অন্তৰত বৰ শোক সিদিনা ককাদেউতাৰ শৰাধৰ দিনাৰপৰা মোৰ মন সম্পূৰ্ণ সলনি হৈছে।