পৃষ্ঠা:গুৰুচৰিত.djvu/৮৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাৱে গাৱে নাচি কৰে কৌতূহল কেলি।
এহিমতে বসিয়া আছন্ত কতো বেলি॥
শঙ্কৰ দেৱতা দেখি বোলে তাসম্বাক।
তোৰাসবে কেনমতে নিবাহা আমাক॥ ৩৯০৫
ভকতসকলে চিতা সাজিবাক গৈলা।
নদীৰ তীৰক সবে শঙ্কৰক নিলা॥
ভাদ্ৰ মাহত শুক্লা দ্বিতীয়া তিথি ভৈলা।
সেহিদিনা গুৰু নৰ-নাটক এৰিলা॥ ৩৯০৬
দেৰ বছৰৰ মন্দ আৰু ছয় কুৰি।
তেবে চলি গৈলা গুৰু নৰ-দেহা এৰি॥
অনন্তৰে নৃপতি আপুন গৃহে গৈলা।
অগৰু চন্দন ঘৃতে সবে আনি দিলা॥ ৩৯০৭
তেতিক্ষণে ৰামৰায় চৌদল সাজিলা।
তাতে তুলি চাৰি জন ভক্তে কান্ধে লৈলা॥
ৰাম ৰাম হৰি ৰায় ৰাম হৰি জয়।
এহি চাৰিজন ভক্ত শ্ৰেষ্ঠ অতিশয়॥ ৩৯০৮
তোৰোচা নদীৰ তীৰে চিতাক নিৰ্ম্মিলা।
শঙ্কৰদেৱক নিয়া তাহাত তুলিলা॥
ৰমানন্দে গৈয়া পাচে মুখাগ্নি কৰিলা।
এগৰু চন্দন ঘৃত উপৰে ঢালিলা॥ ৩৯৬
জ্বলিলা অগনি আকাশক গৈলা উৰি।
তিলেকতে তাহান শৰীৰ গৈলা পুৰি।