পৃষ্ঠা:গুৰুচৰিত.djvu/৮৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখি দেৱগণে আসি কৰে পূষ্পবৃষ্টি।
পৰম আনন্দ মনে মহা মন তুষ্টি॥ ৩৯১০
দেৱৰ মান্দাৰ পুষ্প মহা মনোৰম।
সিঞ্চিলা তথাত দেৱে আঠু কৰি সম॥
তোৰোচাৰ নাম পাচে ভৈলা পুষ্পকান্তি।
তাতেসে নোবোলে লোকে তোৰোচা সম্প্ৰতি॥ ৩৮১১
দাহ কাৰ্য্য সমাপিয়া কৰে জয়ধ্বনি।
বৈকুণ্ঠৰ লোকে ভৈলা আনন্দিত শুনি॥
তাসম্বাৰ মিলি গৈলা আনন্দ উৎসৱ।
সাতো বেকুণ্ঠক চানি হৰি কৰে ৰৱ॥ ৩৯১২
মৃদঙ্গ গোমুখ শঙ্খ বাদ্যগণ আছে।
নাম গীত গাই বাই থাকিলন্ত পাচে॥
শঙ্কৰদেৱক তৈতে কৰি সমাপত।
কান্দি কাটি ভক্তসব গৃহক গৈলন্ত॥ ৩৯১৩
অনন্তৰে পাইলা পাচে বৰপেটা যাই।
ৰমানন্দে পশিলন্ত মাধৱৰ ঠাই॥
ধীৰে ধীৰে যাই মাধৱক ভেট পাইলা।
ঠাকুৰৰ মাথে মাধৱ গামচা দেখিলা॥ ৩৯১৪
আজিসে জানিলো মোৰ বুৰিল সমুলি।
কান্দিবে লাগিল মহা মৰ্ম্মে এহি বুলি॥
সাৱটি ধৰিলা ৰমানন্দৰ লগত।
পৰম সন্তাপ তাপে দুহান্ত কান্দন্ত॥ ৩৯১৫