পৃষ্ঠা:গুৰুচৰিত.djvu/৮৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নৃপতি বোলন্ত দিনা চাৰি থাকিয়োক।
কৃষ্ণত শৰণ আবে কৰি যোৱা মোক॥
হেন শুনি গুৰু কিছো নুবুলি ৰহিলা।
গুণি গান্থি আপুনাৰ বাসাক আসিলা॥ ৩৮৬৭
এহিমতে যেবে একাদশ দিন আছে।
একদিন ৰাজা শঙ্কৰক নিলা পাচে॥
বসিলা শঙ্কৰ যাই আশীৰ্বাদ কৰি।
ৰাজা দেখি বুলিলন্ত বচন সাদৰি॥ ৩৮৬৮
একান্ত শৰণ তুমি কৰায়ো আমাক।
নিশ্চয় কৰিয়া আমি বুজিলো তোমাক॥
শঙ্কৰে বোলন্ত শুনা ৰজা মহাশয়।
শৰণ হৈবাক খোজা নুবুজি আশয়॥ ৩৮৬৯
হাঁহ ছাগ কাটি তুমি দেৱ-দেৱী পূজা।
মূৰ্খৰ স্বভাৱ হেন ভৈলাহা নুবুজা॥
ৰাজ-নীতি ধৰ্ম্ম তুমি কিমতে এৰিবা।
হৰি ভক্তি ধৰি ৰাজা কিমতে চৰ্চ্চিবা॥ ৩৮৭০
পূজা নাপাই দেৱতা সমস্তে দিবে শাপ।
আমাতে সিজিব যত অমোচন পাপ॥
হেন শুনি ৰাজা বুলিলন্ত শঙ্কৰক।
সবাক এৰিয়া আমি ভজিবো কৃষ্ণক॥ ৩৮৭১
নিশ্চয় কৰিয়া আমি বুলিলো তোমাক।
হেন জানি বাধা বাপ নকৰা আমাক॥