পৃষ্ঠা:গুৰুচৰিত.djvu/৮২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০৫
ষষ্ঠ খণ্ড

শুনিয়ো মাধৱ তুমি জানিবা নিশ্চয়।
তোমাৰ আমাৰ এবে ভিন পৰ নাই॥
মন্দমতি লোকে এহি কথাক নজানি।
নানা ৰূপ কল্পনাক কৰয় অজ্ঞানী॥ ৩৭২০
যত শাস্ত্ৰ গীত পদ আমাক লাগয়।
ৰচনা কৰাহা তুমি এৰিয়া সংশয়॥
দিলো মই আজি ধৰি সব অধিকাৰ।
শীঘ্ৰে বেহাৰক যাইবে লাগয় আমাৰ॥ ৩৭২১
ৰামানন্দ সঙ্গে লৈয়া কিছুদিন থাকি।
সবিশেষ কৰিবোহো যত আছে বাকী॥
শুনা বঢ়াৰপো মোৰ খেদ ৰৈল এটি।
চাৰিদিশে পঠাইছিলো চাৰি ভক্ত গুটি॥ ৩৭২২
তিনি দিক হইতে ফিৰি আসিল তিনিটি।
এক দিক হইতে ফিৰি নাহিল একেটি॥
সেইটি চপাবা তুমি তাক মই পাম।।
তেওঁক কৰিবা তুমি ধৰ্ম্ম বস্তু দান॥ ৩৭২৩
শুনা বাপু নাৰায়ণ মোহোৰ বচন।
নাও সজাবাক তুমি কৰা আয়োজন॥
সেৱক সকল আনা মোহোৰ থানক।
কথা মাত দিয়া যাওঁ শীঘ্ৰে বেহাৰক॥ ৩৭২৪
চাৰিদিন অন্তৰে নৌকাত আৰোহিয়া।
বেহাৰক গৈলা ভক্তক প্ৰবোধ দিয়া॥