পৃষ্ঠা:গুৰুচৰিত.djvu/৮২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০৪
গুৰু-চৰিত

ভয়ে ভয়ে বলৰাম ঘৰক নগৈলা।
ৰাতিগোট বাহিৰতে পৰিয়া থাকিলা॥
ৰাতি উঠি গুৰু তাক দেখিলা তহিত।
কাৰণ জানিয়া গুৰু ভৈল হৰষিত॥ ৩৭১৫
ধন্য মোৰ ভক্ত বুলি প্ৰশংসা কৰিলা।
কথা মাত বুলি তাক ভিতৰে আনিলা॥
আতপৰে সবে কথা শুনা মাধৱৰ।
শাস্ত্ৰ লেখিবাক আজ্ঞা পাইলা শঙ্কৰৰ॥৩৭১৬
ৰাজসূয় গ্ৰন্থক লেখিবে কৰি মন।
মহী-পাত-কাপ আদি কৰিলা যতন॥
শঙ্কৰৰ খুৰা-পুত্ৰ ৰতিকান্ত নাম।
সুধিলন্ত মাধৱক কিবা কৰা কাম॥ ৩৭১৭
শাস্ত্ৰক লেখিবো বুলি সমিধান দিলা।
উপালম্ভ কৰি ৰতিকান্ত বুলিলা॥
দাদায়ো কৰে শাস্ত্ৰ তুমিও নকৰিবা।
শুনিলেনো লোকে তুমি কিবা ভাল পাবা। ৩৭১৮
কথা শুনি মাধৱে মনক সামৰিলা।
শঙ্কৰে শুনিয়া কথা বেজাৰক পালা॥

শ্ৰীশঙ্কৰদেৱৰ বেহাৰ যাত্ৰা

ভক্তগণ বহি আছে সদানন্দ ভাৱে।
শঙ্কৰে বুলিলা কথা শ্ৰীমাধৱদেৱে ॥৩৭১৯