পৃষ্ঠা:গুৰুচৰিত.djvu/৫০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮৪
গুৰু-চৰিত


মোৰ মায়াজালে বন্দী ভৈলোহো সম্প্ৰতি।
কাম ক্ৰোধ কুত্তায়ে কামোৰে দিনে ৰাতি॥
নানান বিষয় বিষে দেহা কৰে টান।
কালব্যাধে মাৰে যেন খাপৰৰ হান॥২২৫৩
লোভ মোহ দুই ডাঙ্গে কোবাৱে মূৰত।
পশু যেন বন্দী ভৈলো কালৰ হাতত॥
বিচাৰি মনত গুণি কৰিলোহো সাৰ।
কৃষ্ণ বিনে কোনে মোক কৰিবে নিস্তাৰ॥২২৫৪
শৰীৰত বিষ লাগি ভৈলো চুৰ্ত্তি হত।
কোন বুদ্ধি এৰাইবোহো কালৰ হাতত॥
কৃপাময় কৃষ্ণ মোক কৃপা কৰিয়োক।
তযু ভকতৰ সঙ্গ সদা নুগুচোক॥২২৫৫
ভকতেসে হৈ মোৰ পৰম বান্ধব।
তেবেসে এৰাইবো ঘোৰ পাপ পৰাভয়॥
বচনে নেৰেক দিনে ৰাতি ৰাম নাম।
তেবেসে নিস্তৰো সবে বোলা কৃষ্ণ ৰাম॥২২৫৬

⸻⸺

দুলড়ী

আত অনন্তৰে শুনিয়োক সবে
 যেন কথা ভৈলা পাঁচে।
একেটি পন্থক  কৰয় অসূয়া
  যতেক ব্ৰাহ্মণ আছে।