এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮৩
চতুৰ্থ খণ্ড
শুনিয়া শঙ্কৰে মাধৱক প্ৰশংসিলা।
ৰমানন্দ নামে পুত্ৰ তাহাঙ্ক মাতিলা॥ ২২৪৭
শুনা বাপু থৈয়ো নিয়া ইটো নৈবেদ্যক।
আপুনি ভুঞ্জিবো মই কৃষ্ণ প্ৰসাদক॥
শঙ্কৰে দিলন্ত পুষ্প তাম্বুল সাদৰি।
গৃহক গৈলন্ত পুনু নমস্কাৰ কৰি॥২২৪৮
আন ভক্ত সমস্তকে শঙ্কৰে মাতিলা।
ৰামৰাম আদি কৰি সবাকে বলিলা॥
মাৰে নিশ্চয় মন বুদ্ধি কৰিলন্ত।
কৃষ্ণত একান্ত ভাবে শৰণ লৈলন্ত॥২২৪৯
শুনা সভাসদ পদ হুয়া সাৱধান।
গুৰু সেৱা বিনে জানা ধৰ্ম্ম নাহি আন॥
চাৰি আশ্ৰমৰ ধৰ্ম্মে তুষ্ট নাহিকত।
গুৰু শুশ্ৰূষাত যেন তুষ্ট ভগৱন্ত॥২২৫০
অকপটে যিটো গুৰুসেৱাক কৰয়।
গুৰুৰ সমান শক্তি শিষ্যতে হোৱয়॥
মাধৱে ভঞ্জিলা শঙ্কৰক শুদ্ধভাৱে।
শঙ্কৰ মাধৱ দুইৰো কীৰ্ত্তি লোকে গায়ে॥২২৫১
হে প্ৰাণবন্ধু কৃষ্ণ দৈৱকী নন্দন।
মই অধমত প্ৰভু হুয়োক প্ৰসন্ন॥
মোতপৰে অজ্ঞ আৰ নাহি সংসাৰত।
নভৈল ভকতি মোৰ তযু চৰণত॥২২৫২