পৃষ্ঠা:গুৰুচৰিত.djvu/৪৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৯
তৃতীয় খণ্ড

ভৈল অন্তৰ্দ্ধান  পাচে সেহিথান
 অন্ধকাৰ আসি ভৈলা।
যাত্ৰীক জগাই পাচে সৰ্ব্বজয়
 ইসব কথা কৈলা॥
শুনি যাত্ৰীগণে আতি ৰঙ্গমনে
 নিন্দ্ৰা আৰ নকৰিলা।
প্ৰভাততে উঠি শ্ৰীমন্ত শঙ্কৰে
 তীৰ্থক লাগি লৰিলা॥ ২০০৯
পঞ্চ তীৰ্থ কৰি শঙ্কৰ শ্ৰীহৰি
 পুনু আইলা জগন্নাথে॥
দেখি চান্দমুখ খণ্ডিলেক দুখ
 পুনু মালা পাইলা মাথে॥
হাসো হাসো যেন কৰয় বদন
 শঙ্কৰক আছে চাই।
পাণ্ডাগণ যত লগত সমস্ত
 থাকয় কৈকো নযায়॥ ২০১০
শঙ্কৰক পাই যেন বাপ ভাই
 পাণ্ডায় নেৰয় পাশ।
মাতা জগন্নাথ বুলি বন্দে মাথ
 কতোহে কৰয় হাস॥
শয়ন ভোজন এৰি পাণ্ডাগণ
 নেৰে শঙ্কৰত মতি।