পৃষ্ঠা:গুৰুচৰিত.djvu/৪৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৮
গুৰু-চৰিত

গুৰুক সেৱিয়া লৈয়ো ভকতৰ সঙ্গ।
এহি দান দিয়ো নকৰিয়ো মন ভঙ্গ॥২০০৪
হুয়া কামাতুৰ নবাছোহো জাতি কুল।
পৰম পাতকী মই কাক গৃধ্ৰ তুল॥
শঙ্কৰেসে নিজ দেৱ দৈৱকী কুমাৰ৷
মাধৱত পৰে জানা এক নাহি আৰ॥২০০৫
নামত বিনায় আন নাহিকয় ধৰ্ম্ম।
তপ আপ আদি কৰি সমস্তে অকৰ্ম্ম॥
কলিযুগে হৰি নাম বিনে নাই গতি।
কৃপাময় গুৰুৰ চৰণে হৌক ৰতি॥২০০৬
কহে ৰাম মূঢ় পাপী অজ্ঞানী প্ৰধান।
হৰি হৰি বুলি পাইবা বৈকুণ্ঠত থান॥২০০৭

দুলড়ী

আত অনন্তৰে  মন্ত শঙ্কৰে
 যেবে কথা কৈয়া আছে।
ৰামৰাম গুৰু আৰো সৰ্ব্বজন
 চেতনক পাইয়া আছে॥
শৰীৰৰ কান্তি গৃহ প্ৰকাশন্তি
 চাহি আহে দুয়োজনে।
জগন্নাথ হেন আশয় বুজিয়া
 আৰম্ভিলা তেতিক্ষণে॥২00৮