পৃষ্ঠা:গুৰুচৰিত.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
দ্বিতীয় খণ্ড

সেহি ভাৱে পাপ সিজিলা ৰাজাৰ
দেখি তাক চন্দ্ৰাৱতী।
লাগিল জনম জানিলা স্বামীৰ
কাৰ্য্য ভৈলা বিসঙ্গতি॥
হেন মনে গুণি পূজি ঈশ্বৰক
কৰিলা মহা ভকতি।
তুষ্ট হুয়া বিষ্ণু বুলিলা বচন
পাইবি দুয়ো মহা গতি॥৪৮২
সত্য লোকে গৈয়া থাক বহু কাল
ৰাখিবি ব্ৰহ্ম ডিম্বক।
নাৰায়ণ হৰি বৰ নিষ্ট কৰি
দিবেক কহিলো তাক॥
তাতে আসি ঐত শৰণ লৈলন্ত
শঙ্কৰৰ চৰণত।
উপজিল মাত্ৰ সেহি দুয়োজন
থিত ভৈল বৈকুণ্ঠত॥৪৮৩
শুনি হেন বাণী কৈলা জয়ধ্বনি
যত সমজ্যাৰ লোক।
শঙ্কৰ দেৱৰ মহিমা অদ্ভুত
তাকে আৰ শুনিয়োক॥
গঙ্গাধৰ নাম গুপ্ত তৈল তাকে
ইটো কথা গুহ্যতৰ।