পৃষ্ঠা:গুৰুচৰিত.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
গুৰু-চৰিত

আউৰ এক ৰূপে তৈতে তেতিক্ষণে
ব্ৰহ্ম ডিম্বগোট ভৈলা॥
দ্ৰৱ জল সিটো কৰি্লা ৰক্ষণ
ব্ৰহ্মা যিটো ৰাখিলন্ত।
সেমিসে নিমিত্তে জানিবাহা আঙ্ক
গঙ্গাধৰ বুলিলন্ত॥৪৭৯
আৱৰ আশয় শুনিয়োক আবে
সাৱধান কৰি মন।
হৰৰ শিৰত কৰিলন্ত বাসা
গঙ্গাদেৱী যি কাৰণ॥
হৰৰ প্ৰসাদে যিটো পুত্ৰ পাইলা
ওহি ব্ৰহ্মা নিৰাকাৰ।
তাতে গঙ্গাধৰ নামে শুনা আন
কহিলোহো কথা সাৰ॥৪৮০
যিবা বাজা বাঞ্জী আছিলন্ত শুনা
তাহাৰ কহো কাৰণ।
চন্দ্ৰকেতু ৰাজা চন্দ্ৰাৱতী ভাৰ্য্যা
আছিলেক দুইজন॥
একাদশী দিনা ৰাজা মত্ত হুয়া
কৰিলা ভাৰ্য্যা আলাপ।
যেন কামাতুৰে আন ঋতুকালে
নচাৱয় কিছো পাপ॥৪৮১