তাৰ পিচত মই মোৰ দুৰ্ব্বলতা আৰু ভুল বুজিব পাৰি মৰ্ম্মান্তিক লাজ পালো; কিন্তু মুখেৰে প্ৰকাশ নকৰিলো।
এদিন আবেলিৰ চাহ-মেজত অনুপমাৰ মাকে মিষ্টাৰ বৰুৱাৰ আগত কথাটো পাৰিলে অৰ্থাৎ অনুপমাৰ আগত বিয়াৰ বিষয়ে—
মাক—“অনুৰ বিয়া, ইমান তাৰাতাৰি কেলেই? তাইক পৰীক্ষাটো দি উঠিবলৈ দিয়ক চোন আৰু পাৰিলে—বেচেৰা মাষ্টৰ জনৰো এটা উপায় কৰিব লাগে — ”
গিৰিয়েকে (মিঃ বৰুৱা) খঙত পানীৰ গিলাচটো মেজত ঠেকেচা মাৰি উত্তৰ দিলে, “আগেয়ে নিজৰ চাকিত তেল দিয়াচোন। পৰৰ কথা ভাবিবলৈ মোৰ সময় নাই।”
“এতিয়া নহয়, কেইমাহমান পিচত বিয়াখন পাতিলেও হয় দেখোন। ইমান লৰালৰিকৈ আমি মৰিব নোৱাৰোঁ, বুজিছ। বিয়াখন পিচুৱাই দিয়ক। ছোৱালীজনীৰ তেনে বয়স হোৱা নাই।”
‘‘অনুৰ মাক, বাজে কথাকৈ মোক গৰম নকৰিবা। শুনিছাতো, মই দৰাঘৰ মানুহক শেষ কথা দিছো। গতিকে বিয়া পিচুৱাই দিয়াৰ কোনো প্ৰশ্নই নুঠে।”
“কিন্তু মাষ্টৰ জনৰ বিষয়ে—”, অণুৰ মাকে মিনতি কৰিলে।
বৰুৱাই খঙত গৰ্জি উঠি কলে,—“মই তোমাৰ কোনো কথাকেই শুনিব নোখোজো। মানুহৰ বেয়া কথাও মই আৰু শুনিব নোৱাৰো। বুজিছানে, তাই পৰীক্ষাটো এতিয়া নহয়, বিয়াৰ পিচতো দিব পাৰিব। এনে সোণালী সুযোগ আৰু এনে ভাল দৰা আৰু নেপাবা। মোৰ কথা হল, — আগেয়ে বিয়া তাৰ পিচত পৰীক্ষা। বিয়ালৈ আৰু বেচি সময় নাই, গতিকে বিয়াৰ কামত লাগি যোৱা। মই বহি থাকিব নোৱাৰো, মোৰ বহুত কাম”—এই বুলি কৈ মিঃ বৰুৱাই বেগাবেগিকৈ ঘৰৰ পৰা বাহিৰ হৈ গল।