জীৱনৰ এটা স্মৰণীয় ঘটনা। ৰবিবাৰ স্কুল বন্ধ। দুপৰীয়া সোনকালে
খাই বৈ উঠি ‘দেবদাস’ উপন্যাস খন পঢ়ি আছো বিচনাত বাগৰ দি। এনেতে
বাহিৰ দুৱাৰত শব্দ হল, কোনোবাই মাতিছে—
“ঘৰত কোন আছে?” আকৌ দুৱাৰত শব্দ।
“কি লাগে?” বিচনাৰ পৰা মই উত্তৰ দিলোঁ।
‘‘ডাঙৰীয়া এবাল্টি পানী দিয়ক।”
মাতটো পৰিচিত— জনা-শুনা যেন অনুমান হল। একেকোবে বিচ- নাৰ পৰা জাপ মাৰি উঠি আহি দুৱাৰ খুলিলো আৰু দেখিলো, হাতত খালি বাল্টি লৈ এজন ড্ৰাইভাৰ। তাৰ চিনি পাই মই সুধিলো, “কি খবৰ ভোলা, তোক কি লাগে?”
“বাবু, আপুনি ইয়াতে থাকে? এহ, মই ইমান দিনে কব নোৱাৰো।” তাৰ মুখত হাঁহি আনন্দ আৰু আত্মীয়তাৰ চিন। সি কৈ কল,—
—“এহ্, নকব বাবু, হঠাতে গাড়ীৰ ইঞ্জিনত পানী নাইকীয়া হল। —এবাল্টি পানী......।”
“বাৰু কোনো ডাঙৰ কথা নহয়। সৌ তাৰে পৰা আনা,” মই তাক পানীৰ পাত্ৰ দেখুৱাই দিলো আৰু পানী এবাল্টি ভৰাই সি যাবলৈ ওলাল। সি মোক ধন্যবাদ আৰু নমস্কাৰ জনাই কলে “চাৰ, বেয়া নাপাব, আজি আৰু বহিবৰ সময় নাই। আজি সন্ধ্যাৰ আগতে জৰুৰ নগাওঁ পাবই লাগিব। সময় পালে কেতিয়াবা —”
“ভাল বাৰু”—মই তাক বিদায় দিলো। ড্ৰাইভাৰ ভোলা লৰালৰিকৈ গুচি গল। কাৰণ তাৰ পলম কৰা নচলে; গাড়ীত পানী ভৰাই তাৰ গাড়ী চলাই নিলে নিজৰ গন্তব্য স্থানলৈ।
কিন্তু সেই মোৰ চিৰ পৰিচিত বেৰী অষ্টিন গাড়ীখন আৰু তাৰ ভিতৰত বহি থকা আৰোহী কেইজন আৰু সেই অনুপমা? মই তেওঁলোকক চিনি