পৃষ্ঠা:গল্প সংকলন.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
সময় নাই

নিলগত পাহাৰৰ দাঁতিত মোৰ সৰু পঁজাটি সাজিছো। পঁজাৰ কাষেদি সৰু জৰি এটা কলুকুল সুৰ গান গাই বুঢ়া লুইতৰ লগত মিলিছে গৈ। মোৰ ঘৰৰ ওচৰতে এখন এম ভি স্কুল আক মিৰি গাওঁখনি। মিৰি মানুহবোৰ বেচ সৰল, হোজা প্ৰকৃতিৰ। গাৱৰ মুখীয়াল গাওঁবুঢ়া আৰু ডেকা সকলে লগলাগি মোৰ থকা ঘৰটো সাব্জি দিছে। সিহঁতেই মোক স্কুলৰ শিক্ষক নিযুক্ত কৰি ছ। এতিয়া সৰু লৰা ছোৱালীবোৰক মানুহ কথাই, নিস্বাৰ্থভাবে মানুহৰ সেৱা কৰা মোৰ জীবনৰ কাম।

 মিৰি গাৱৰ সকলোৱে মোক জানে, সন্মান কৰে আৰু মোক ‘পণ্ডিত’ বুলি মাতে। মই নগৰৰ শিক্ষিত সমাজত ডাঙৰ হলেও, সেই পাহাৰী মানুহ বিলা- কৰ লগত নিজক খাপ খুৱাই লৈছোঁ। —মানুহ অৱস্থাৰ দাস।

 মোৰ পঁজাৰ আগেদি চৰকাৰী ‘পিচ’ ৰাস্তাটো চলি গৈছে নানা ঠাইলৈ বিভিন্ন গাৱঁৰ মাজেদি। কত ৰকমৰ যাত্ৰী, বাটকৰা সদায় অহা-যোৱা কৰিছে— কানে তাৰ হিচাব দাখিছে? স্কুল ছটীৰ পিচত আবেলি বাৰান্দাত বহি কাগজ-কিতাপ পঢ়ো। কেতিয়াবা মন বেয়া লাগিলে বাঁহি বজাওঁ— খন্তেকৰ কাৰণে নিজক পাহৰি যাওঁ। ৰাস্তাৰ কাষৰ গছৰ ডালত এজোৰা শালিকা চৰাইৰ বাঁহ। কেতিয়াবা আজৰি সময়ত চৰাই হালৰ কামবোৰ মই লক্ষ্য কৰোঁ। সিহঁতে খেৰ কুটা গোটাই বৰ যতনৰে বাঁহ সাজে। চৰাই জনীয়ে কনী পাৰে, পোৱালী জগায়, পোৱালীহঁ তে ভোকত চিঞঁৰে, সিহঁতৰ মাক-বাপেকে মুখত আহাৰৰ টোপ দি ডাঙৰ দীঘল কৰে। পোৱালীহালও ডাঙৰ হৈ ক'ৰবালৈ উৰি গুচি যায়। মই চৰাই হালৰ কামবোৰ লক্ষ্য কৰো; কিন্তু সিহঁতৰ কাৰো ফালে চাবৰ সময় নাই। জীবন ধৰ্ম্ম—সৃষ্টিৰ প্ৰবাহমান ধাৰা একে ভাবে চলি থাকে। কিন্তু কবলৈ দুখ লাগে, সেই শালিকা জোৰাই মোৰ অকল শৰীয়া জীবনৰ কথা বাৰে বাৰে সোঁৱৰাই দিয়ে——মই সঙ্গী হীন, অকল শৰীয়া! মনটো বৰ গধুৰ হৈ উঠে।