পৃষ্ঠা:কৰ্ণ পৰ্ব্ব.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
কৰ্ণ পৰ্ব্ব।

প্ৰথমতে কৰিছো মাতৃৰ স্তন পান।
অনেক ভুঞ্জিছো আৰু পিঠা পৰমান॥
দেৱ যোগ্য ফুল পঞ্চামৃত ষড়ৰসে।
হেন স্বাদ নতু পাওঁ‌ আমাৰ বয়সে॥ ৩৬৩॥
মহাস্বাদ শত্ৰুৰ শোণিত যেন লাগে।
অমৃতক তুচ্ছময় দেখো আৰ আগে॥
এহি বুলি মাথাক কাটিলা খৰ্গ হানি।
তাতে মুখ দিয়া যেন পিৱন্ত আপুনি॥ ৩৬৪॥
বাঘে যেন হুপি হুপি পশুৰ গলত।
দুঃশাসন বীৰক ভীমেয়ো সেহিমত॥
গো মুখে তেজক পিয়ে নিদাৰুণ আতি।
দুৰ্য্যোধন ৰজাক মাতিলে ভীমে মাতি॥ ৩৬৫॥
গৰু বুলি পূৰ্ব্বত লগাইছ অপমান।
গৰুৰ কৰ্ম্মক পূৰ্বে নতু কৰোঁ‌ আন॥
ভায়েৰৰ তেজ পিয়োঁ‌ নকৰিবা খঙ্গ।
এবে যদি গৰু বোলা তেবে মোৰ ৰঙ্গ॥ ৩৬৬॥
গো মুখে তেজক পিয়োঁ‌ গৰু বোলা মোক।
গালি নপাৰিবি নকৰিবি কিছু শোক॥
এই বুলি শোণিত পিয়ন্ত মহাবল।
দেখি গলা ৰাৱ কবে কৌৰৱ সকল॥ ৩৬৭॥
মনুষ্য শোণিত দেখো মনুষ্যেই খায়।
নাহি নুপজিব হেন কালৰ বিলায়॥