পৃষ্ঠা:কৰ্ণ পৰ্ব্ব.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
কৰ্ণ পৰ্ব্ব।

এহি মতে দুয়ো জন প্ৰহাৰে ক্ৰোধত।
ভাগৰিলা দুঃশাসন ভীমৰ হাতত॥ ৩৪৬॥
সি কাৰণে ভীমে দুঃশাসনৰ উপৰে।
পীড়া নপায়ন্ত বীৰ কটাক্ষ নকৰে॥
ভীমৰ গদাৰ কোব যেন বজ্ৰ পাত।
দুঃশাসন বীৰৰ নচলে ভৰি হাত॥ ৩৪৭॥
শৰীৰৰ অলঙ্কাৰ বসন নৰৈলা।
গদাৰ কোবত সবে চিণ্ডি চিণ্ডি গৈলা॥
শৰ বিষে পীড়া কৰে মুখে নাসে মাত।
পলাইবেক লাগি দশদিশে ছেগছান্ত॥ ৩৪৮॥
সেহি বেলা বৃকোদৰ ভাবিলন্ত মনে।
দ্ৰৌপদীৰ মুক্ত কেশ ইহাৰ কাৰণে॥
ৰজঃস্বলা সময়ত বস্ত্ৰ লৈলা কাটি।
এহি দুঃশাসন দুৰাচাৰ ঘোৰ বৈৰি॥ ৩৪৯॥
তাৰ প্ৰতিফল দিওঁ‌ সম্মুখ সমৰে।
এহি বুলি ক্ৰোধত জ্বলিলা বৃকোদৰে॥
হাতে হাতে মৰ্দি বীৰে চুবোয়ে দশন।
ভীমৰ আক্ৰান্তি দেখি দুখে দুঃশাসন॥ ৩৫০॥
চক্ৰকাৰ ফুৰায়ন্ত গদা গুৰুতৰ।
থাপ দিয়া কেশত ধৰিলা বৃকোদৰ॥
সিংহৰ হাতত যেন বন্দি ভৈলা হাতী।
এৰাইবাক লাগি কৰে অনেক আক্ৰান্তি॥ ৩৫১॥