সমললৈ যাওক

পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
কৰ্ণবধ।


ভীমক আনিয়া আবে ৰজা পাতিয়োক।
নাৰাখিবা বনে যাও বিদায় দিয়োক॥
কৰ্ণৰ শৰত কৰি বাক্যে অৰ্জ্জুনৰ।
মোৰ শৰীৰত পীড়া কবে নিৰন্তৰ॥ ৩৩১
উপল্পয় দেশে আমি আছিলো যেখনে।
বনক যাইতে মই চাহিলো তেখনে॥
ভীম, ধনঞ্জয়, কৃষ্ণা তুমি নাৰায়ণ।
নিযেধি ৰাখিলা সবে যাব নিদি বন॥ ৩৩২
যাইবো তপোবনে মই কহিলো নিশ্চয়।
নেপাতা বিঘিনী কৃষ্ণা, কৃষ্ণ, ধনঞ্জয়॥
ভৈলো বৃদ্ধ আৰ মোৰ ৰাজ্যে আস নাই।
বনত থাকিবো মই ফল মূল খাই॥ ৩৩৩
ৰজাৰ বচন শুনি মাতিলা অৰ্জ্জুনে।
তোমাৰ লগত দদা ময়ো যাও বনে॥
লক্ষ্মণে যিমতে সেবিলেক শ্ৰীৰামক।
ময়ো সেহিমতে সেৱা কৰিবো তোমাক॥ ৩৩৪
চৰণত ধৰো দদা এৰা অসন্তোষ।
ভৃত্যৰ কাৰণে কৈত স্বামি কৰে ৰোষ॥
তাক কেন ক্ৰোধ, যাক পাৰা দণ্ডীবাক।
কোনে হাতে ধৰে তুমি মাৰন্তে আমাক॥ ৩৩৫
তুমি বনে গৈলে আমি এথা কি কৰিবো।
কৃষ্ণাসমে চাৰি ভাই বনক চলিবো॥